চোৰক খেদি খেদি চুৰি বাইক উদ্ধাৰ লংকা আৰক্ষীৰ

লংকাৰ ৰূপনগৰৰ পৰা চুৰি হৈছিল AS 02 P 5222 নম্বৰৰ এখন পালছাৰ বাইক

0
48

লংকাত সঘনাই সংঘটিত হয় বাইক চুৰিকাণ্ড। পুনৰ লংকাৰ ৰূপনগৰৰ পৰা চুৰি হৈছিল AS 02 P 5222 নম্বৰৰ এখন পালছাৰ বাইক। কিন্তু এইবাৰ লংকা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হ’ল চুৰি হোৱা বাইকখন। আৰক্ষীয়ে চোৰটোক খেদি খেদি গৈ বাইকখন উদ্ধাৰ কৰে।

আৰক্ষীয়ে পিছ লোৱা দেখি ভয়তে লংকাপট্টীৰ ৪ নং ৱাৰ্ডত‌ চোৰে পেলাই থৈ যায় বাইকখন। চোৰটো পলাই সাৰে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চুৰি সংক্ৰান্তত ভূক্তোভোগীয়ে লংকা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।

Photo: Time8