29 C
Guwahati
Wednesday, October 13, 2021
More

    ‘খুড়া মোক এৰি দিয়ক, নহলে মই মৰি যাম’- ফোনত ৰেকৰ্ডিং শেষ শাৰী বাক্য, তাৰ পিছত

    ‘খুড়া মোক এৰি দিয়ক, নহলে মই মৰি যাম’- ফোনত ৰেকৰ্ডিং শেষ শাৰী বাক্য, তাৰ পিছত

    ৰাষ্ট্ৰীয় পৰ্যায়ৰ খো খো খেলুৱৈ এগৰাকীৰ হত্যা কাণ্ডৰ নতুন তথ্য সদৰি। ফোনত ৰেকৰ্ডিং শেষৰ খিনি কথা। যি হত্যা কাণ্ডৰ আৰক্ষীয়ে কোনো ক্লু লাভ কৰা নাছিল, সেই হত্যা কাণ্ডৰ আৰোপীৰ বিষয়েই তথ্য লাভ কৰিলে এটা ফোন ৰেকৰ্ডিঙৰ জৰিয়তে।

    সম্পৰ্কীয় কোনো ব্যক্তিৰ সৈতে কথা পাতি থকাৰ সময়তে হঠাতে খেলুৱৈগৰাকীয়ে চিঞৰিবলৈ ধৰে ‘খুড়া মোক এৰি দিয়ক, নহলে মই মৰি যাম’। যি কথা শুনাৰ লগে লগে সম্পৰ্কীয় লোকগৰাকীয়ে ৰেকৰ্ডিং কৰি ৰাখে সকলো কথা।

    প্ৰায় ২ মিনিটৰ সেই ৰেকৰ্ডিঙত খেলুৱৈগৰাকীক আক্ৰমণ কৰা লোকৰো মাত ৰেকৰ্ড হৈ যায়। ফোনত কথা পাতি থকাৰ সময়তে কোনো লোকে, হয়তো চিনাকি নাইবা কোনো আদহীয়া লোকে আক্ৰমণ কৰে।

    যি আক্ৰমণত খেলুৱৈগৰাকীৰ হাতৰ পৰা মোবাইলটো পৰি যায় কিন্তু তথাপি সকলো ৰেৰ্ডিং হৈ থাকে। পিছে মাত একেবাৰে সৰু হৈ পৰে। ৰেকৰ্ডিং লাভ কৰাৰ পিছৰে পৰা আৰক্ষীয়ে হত্যাকাৰী সন্দৰ্ভত তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিছে।

    উত্তৰ প্ৰদেশৰ বিজনৌৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খো খো খেলুৱৈৰ লগত সংঘটিত হোৱা হত্যা কাণ্ড যোৱা শুকুৰবাৰতেই সংঘটিত হৈছিল। ৰেল ষ্টেছনৰ ডবা ৰখা ঠাইত উদ্ধাৰ হৈছিল মৃতদেহ।

    আৰু পঢ়ক : ২০ দিন ধৰি উদযাপন কৰা হ’ব মোদীৰ জন্মদিন, ৪২ লাখ বন্তি,১০ লাখ প’ষ্ট কাৰ্ড আৰু বহুতো…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং