27 C
Guwahati
Thursday, September 29, 2022
More

    অতিকৈ ভয়ংকৰ ! প্ৰেমৰ প্ৰস্তাৱ নাকছ কৰাৰ বাবেই প্ৰেমিকে মাৰিলে গুলি

    অতিকৈ ভয়ংকৰ ! প্ৰেমৰ প্ৰস্তাৱ নাকছ কৰাৰ বাবেই প্ৰেমিকে মাৰিলে গুলি

    বিহাৰৰ ৰাজধানী পাটনাত বুধবাৰে এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ঘটনা অনুসৰি পাটনাৰ ইন্দ্ৰপুৰী অঞ্চলত বুধবাৰে এজন পাচলি বিক্ৰেতাৰ কন্যাক গুলীয়াই হত্যাৰ চেষ্টা কৰা হয়।

    দৰাচলতে ১৫ বছৰীয়া কিশোৰী গৰাকীক এজন যুৱকে প্ৰেমৰ প্ৰস্তাৱ দিছিল । কিন্তু কিশোৰী গৰাকীয়ে সেই প্ৰস্তাব নাকছ কৰে।

    সেই কথাটোতে ক্ষুন্ন হৈ যুৱক জনে বুধবাৰে কিশোৰী গৰাকীলৈ গুলীচালনা কৰে। কিশোৰী গৰাকীক গুলিওৱাৰ সময়ত তেওঁ দেউতাকক পাচলি বিক্ৰী কৰাত সহায় কৰি আছিল ।

    আৰু সেই সময়তে যুৱক জনে আহি কিশোৰীৰাকীক গুলীৱাই দিয়ে। কিশোৰী গৰাকীৰ ডিঙিত গুলী লগাৰ ফলত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

    কিশোৰী গৰাকীক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে কিশোৰী গৰাকী।

    ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে দুৰ্বৃত্তৰ কোনো শুংসুত্ৰ উলিৱাবলৈ সক্ষম হোৱা নাই ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং