মদ্যপান কৰি ছিকিমৰ হোটেলত প্ৰেয়সীক হত্যা কৰা প্ৰেমিকক গ্ৰেপ্তাৰ

0
1430
মদ্যপান কৰি ছিকিমৰ হোটেলত প্ৰেয়সীক হত্যা কৰা প্ৰেমিকক গ্ৰেপ্তাৰ
প্ৰতিকী ফটো

মদ্যপান কৰি ছিকিমৰ হোটেলত প্ৰেয়সীক হত্যা কৰা প্ৰেমিকক গ্ৰেপ্তাৰ

ছিকিমৰ গেংটকৰ এখন হোটেলত নিজৰ প্ৰেয়সীক হত্যা কৰাৰ অপৰাধত ছিকিম আৰক্ষীয়ে বিহাৰৰ এজন ৩৬ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকজন জ্ঞানেশ্বৰ সিং বুলি ছিকিম আৰক্ষীয়ে প্ৰকাশ কৰিছে। নিজৰ ২৬ বছৰীয়া প্ৰেয়সীক হত্যা কৰাৰ পাছৰে পৰা জ্ঞানশ্বৰ সিঙে পলাই আছিল আৰু অৱশেষত ছিকিম আৰক্ষীয়ে জ্ঞানেশ্বৰ সিঙক আটক কৰি মঙলবাৰে ছিকিমলৈ লৈ আহে।

২০২১ বৰ্ষৰ ২৭ ডিচেম্বৰত জ্ঞানেশ্বৰ সিঙে গেংটকৰ এখন হোটেলত প্ৰেয়সীক হত্যা কৰিছিল।

৩৬ বৰ্ষীয় বিহাৰৰ জ্ঞানেশ্বৰ সিঙৰ প্ৰেয়সীৰ গৰাকীৰ সৈতে সম্পৰ্ক আছিল যদিও প্ৰেয়সী পূৰ্বে বিবাহিত  আৰু দুটাকৈ সন্তানৰ মাতৃ।

তিনিবছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু জ্ঞানেশ্বৰে প্ৰেয়সীক হত্যা কৰা নিশা দুয়ো মদ্যপান কৰি পূৰ্বৰ সম্পৰ্কক লৈ ভীষণ কাজিয়াত লিপ্ত হৈছিল।

এই কাজিয়াৰ পাছতে অভিযুক্ত জ্ঞানেশ্বৰ সিঙে প্ৰেয়সীক প্ৰচণ্ড জোৰেৰে পেটত আঘাত কৰে আৰু শুই পৰে।

পুৱা জ্ঞানেশ্বৰ সাৰ পায় আৰু প্ৰেয়সীক মৃত অৱস্থাত উদ্ধাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

অভিযুক্ত গৰাকীৰ আধাৰ নম্বৰ আৰু ফোন নম্বৰৰ সহায়ত আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পৰা সন্ধান উলিয়াই অৱশেষত জ্ঞানেশ্বৰ সিঙক গ্ৰেপ্তৰা কৰিবলৈ সক্ষম হয়।

আৰু পঢ়ক : ফাদিল হ’ল ছেক্স-ভিডিঅ’ চ্যাট, বিপদত এইগৰাকী কূটনৈতিক বিষয়া