23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাৰ ভয়াবহ সংক্ৰমণ ৰোধৰ বাবে ১৫ মে’লৈ লকডাউনৰ ঘোষণা এইখন চৰকাৰৰ

    কৰ’ণাৰ ভয়াবহ সংক্ৰমণ ৰোধৰ বাবে ১৫ মে’লৈ লকডাউনৰ ঘোষণা এইখন চৰকাৰৰ

    কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মঙলবাৰে বিহাৰ চৰকাৰে অহা ১৫ মে’লৈকে ৰাজ্যখনত কঠোৰ লকডাউন আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

    লকডাউন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বিভাগীয় কৰ্তৃপক্ষক।

    যদি আদেশ উলংঘা কৰা দেখা যায তেন্তে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ধাৰা ৫১-৬০ আৰু ভাৰতীয় দণ্ড বিধিৰ ধাৰা ১৮৮-ৰ অধীনত সংশ্লিষ্টসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

    সকলো জিলা বিষয়াক লকডাউন আদেশ পালনৰ বাবে ধাৰা ১৪৪ ৰ অধীনত নিষিদ্ধ আদেশ জাৰি কৰিবলৈ কোৱা হৈছে।

    লকডাউনৰ সময়ছোৱাত চিনেমা হল, শ্বপিং মল, ক্লাব, চুইমিং পুল, ষ্টেডিয়াম, জিম, পাৰ্ক আদি নিৰ্দেশনাৰ অধীনত বন্ধ থাকিব।

    ইয়াৰ উপৰি ৰাজহুৱা স্থানত যিকোনো অনুষ্ঠান, চৰকাৰী বা ব্যক্তিগত আদি নিষিদ্ধ কৰা হৈছে।

    আনহাতে ধৰ্মীয় স্থানসমূহ সাধাৰণ লোকৰ বাবে বন্ধ থকাৰ উপৰি ধৰ্মীয় অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে।

    উল্লেখ্য যে ৰাজ্যখনত বিগত কিছু দিনৰ পৰা অভাৱনীয়ভাৱে কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

    আৰু পঢ়ক : হাগ্ৰামাক এৰি প্ৰমোদ বড়োৰ ইউ পি পি এলত যোগদান বি পি এফৰ তিনি MCLA-ৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং