‘গাণ শুনিলেই মই ৰব নোৱোৰা হৈ যাও’ মঞ্চৰ ওপৰতে নৃত্যাংগনাৰ সৈতে একেলগে নাচিলে বিধায়কে
এগাৰকী বিধায়কে মঞ্চৰ ওপৰত থকাৰ সময়তে পাহৰিলে নিজৰ পৰিচয়। বহু লোকৰ সমুখতেই নৃত্যাংগনাৰ সৈতে নাচিলে বিধায়কে। এই ঘটনা বিহাৰৰ । বিহাৰৰ জনতা দলৰ এগৰাকী বিধায়কৰ এই কাণ্ড।
বিধায়ক গৰাকীৰ নৃত্যুৰ ভিডিঅ এতিয়া ভাইৰেল হৈ পৰিছে সকলোফালে। যি ভিডিঅ ভাইৰেল হোৱাৰ পাছতে ট্ৰোলৰ সন্মুখিন হৈছে বিধায়ক গৰাকী।
পাছে ট্ৰোল হলেও কোনো আক্ষেপ নাই বিধায়ক গোপাল মণ্ডলৰ। তেখেতে কয় , গাণ শুনিলে তেখেত ৰব নোৱাৰা হৈ পৰে। ভৰি দুখন নিজে নিজে নাচি উঠে। এগৰাকী শিল্পীক কেতিয়াও নচাৰ পৰা বাধা দিব নোৱাৰে বুলিও মন্তব্য কৰে তেখেতে।
ভাইৰেল হোৱা ভিডিঅত, বিধায়ক গৰাকীয়ে মঞ্চৰ ওপৰতে এগাৰকী নৃত্যাংগনাৰ সৈতে হাত ধৰি নাচে। ‘দিলবৰ দিলবৰ’ আৰু ‘বুলেট পৰ জীজা’ গানত নাচে বিধায়ক গোপাল মণ্ডলে।
আৰু পঢ়ক :- শোকবিহ্বল খেল জগতত – তিনিটা মাহত মৃত্যু তিনিগৰাকী দ্বিগ্বজ ক্ৰিকেটাৰৰ