BJP-JDU-ৰ মিত্ৰতা ভংগ; বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে

0
212

বিহাৰত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে আজি ৰাতিপুৱা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজৰ দলৰ নেতা-কৰ্মীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ জেডি(ইউ) আৰু বিজেপিৰ মাজত থকা মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ কথা ঘোষণা কৰে।

৪ বজাত ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰিবলৈও সাজু হৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে জেডি (ইউ)ত বিভাজন অনাৰ চেষ্টা চলাই থকাৰ অভিযোগ তুলি নীতিশ কুমাৰ নেতৃত্বাধীন দলে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

নীতিশ কুমাৰে আৰ জে ডি আৰু কংগ্ৰেছক সামৰি মহাগঠবন্ধনৰ ১৬১ জন বিধায়কৰ সৈতে আজি বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে আজি জে ডি (ইউ), বিজেপি আৰু বিৰোধী দল আৰ জে ডিয়ে পৃথকে পৃথকে বিহাৰৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হৈছিল।

ইফালে বিহাৰত ক্ষমতা বচাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহ, ধৰ্মেন্দ্ৰ প্ৰধান আৰু জে পি নাড্ডাৰ নেতৃত্বত বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই নীতিশ কুমাৰৰ সৈতে যোগাযোগ কৰিছিল যাতে মিত্ৰতা ৰক্ষা কৰিব পৰা যায়।

বিজেপিয়ে বিহাৰত চৰকাৰ ৰক্ষা কৰিবলৈ সক্ষম নোহোৱাত পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।