বিহাৰ বিধান সভাত আস্থাভোটত জয়লাভ নাতিশ কুমাৰ চৰকাৰৰ

0
123

বিহাৰ বিধান সভাত আস্থাভোটত জয়লাভ নাতিশ কুমাৰ চৰকাৰৰ

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত মহাজোট চৰকাৰে বুধবাৰে বিহাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে। আস্থা প্ৰস্তাৱৰ ওপৰত হোৱা ভোটত তেওঁলোকে সপক্ষে ১৬০ টা ভোট লাভ কৰিলে।

আনহাতে বিৰোধী বিজেপি দলে এই ভোটদান বৰ্জন কৰি সদনৰ ভিতৰৰ পৰা ওলাই গৈছিল।উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে ভোটদানৰ ফলাফল ঘোষণা কৰাৰ লগে লগে শাসকীয় দলটোৰ সকলো আনন্দমুখৰ হৈ পৰে।

চৰকাৰখনক সমৰ্থন কৰা ১৬৪ জন বিধায়কৰ ভিতৰত ১৬০ জন বিধায়কে সপক্ষে ভোট প্ৰদান কৰে। ইয়াৰ আগতে চৰকাৰে ধ্বনি ভোটৰ দ্বাৰা আস্থা ভোটত জয়ী হৈছিল ।

উল্লেখ্য যে নীতিশ কুমাৰে ৯ আগষ্টত এন ডি এৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছিল। নীতিশ কুমাৰে বিজেপিয়ে তেওঁৰ দল জেডিইউক বিভক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

পিছত আৰজেডিৰ সৈতে মহাজোট চৰকাৰ গঠন কৰিছিল।মহাজোট চৰকাৰক আৰজেডি, জেডি, কংগ্ৰেছ, চিপিআই(এমএল), চিপিআই, চিপিএম আৰু হিন্দুস্তানী আৱাম মৰ্চা (এইচএএম)কে ধৰি সাতটা দলৰ সমৰ্থন লাভ কৰিছিল।