26 C
Guwahati
Thursday, September 16, 2021
More

    আৰক্ষীৰ বৃহৎ সফলতা, হত্যাকাণ্ডৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে হত্যাকাৰী গ্ৰেপ্তাৰ

    আৰক্ষীৰ বৃহৎ সফলতা, হত্যাকাণ্ডৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে হত্যাকাৰী গ্ৰেপ্তাৰ

    আৰক্ষীৰ বৃহৎ সফলতা, হত্যাকাণ্ডৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে হত্যাকাৰী গ্ৰেপ্তাৰ। হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা এটা দুৰ্ধৰ্ষ অপৰাধীক মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী।

    উল্লেখ্য যে ২৯ ফেব্ৰুৱাৰীৰ নিশা মৰিয়নিৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত দৰকিয়াল গাঁৱৰ বাসিন্দা উদয় কালিন্দী ওৰফে বোধৰামৰ ক্ষত-বিক্ষত মৃতদেহ নিজৰ ঘৰৰ সন্মুখতে উদ্ধাৰ হৈছিল। অঞ্চলটোৰ সকলো লোক ফাকুৱাৰ আনন্দ উল্লাহত মতলীয়া হৈ থকাৰ সময়তে নিশা ৭.৩০মান বজাত সংঘটিত হোৱা ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল।

    ঘটনাৰ খবৰ পোৱাৰ লগে লগে দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু দীপাংকৰ গগৈ আৰক্ষী উপ-পৰিদৰ্শক নিত্যানন্দ শইকীয়াই ঘটনস্থলীত উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰে।

    গোপন সূত্ৰৰ পম খেদি আজি দেবেৰাপাৰ আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত প্ৰবীণ ভূঞা নামৰ এজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

    জানিব পৰা মতে ঘটনাৰ দিনা নিশা উদয় কালিন্দী আৰু প্ৰবীণ ভূঞাই দুয়ো একেলগে মদ্যপান কৰি আছিল। কিন্তু কোনো কথাত দুয়োৰে মাজত কথাৰ কটাকটি হয় আৰু প্ৰবীনে খঙত অগ্নিশৰ্মা হৈ হাতত থকা নগা দা খনৰে উপযুৰ্পৰি আঘাত কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

    আৰু সুবিধা বুজি নগালেণ্ডলৈ বুলি পলায়ন কৰিবলৈ দিচৈ চাহ বাগিছাত আত্মগোপন কৰি আছিল । পিছে আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা জানিব পাৰি অভিযুক্তক সেই স্থানৰ পৰা আটক কৰে ।

    আৰক্ষীৰ এনে তৎপৰতাক স্থানীয় লোকে শলাগ জ্ঞাপন কৰাৰ লগতে আইনৰ সুৰঙাৰে অপৰাধী যাতে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে তাৰবাবেও যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

    আৰু পঢ়ক : ইউটিউব নিৰ্যাতন কালচাৰ! জনপ্ৰিয় হ’বৰ বাবে যাকে য’তে পাইছে ধৰি আনি হত্যা-ধৰ্ষণ আদি কৰি আছে একাংশই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং