‘মই খ্ৰীষ্টান ধৰ্মৰ, মই তিৰংগাক অভিবাদন নকৰো’ এগৰাকী প্ৰধান শিক্ষয়ত্ৰীৰ মন্তব্যক লৈ তোলপাৰ সমগ্ৰ দেশতে

0
334

‘মই খ্ৰীষ্টান ধৰ্মৰ, মই তিৰংগাক অভিবাদন নকৰো’ এগৰাকী প্ৰধান শিক্ষয়ত্ৰীৰ মন্তব্যক লৈ তোলপাৰ সমগ্ৰ দেশতে

১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে বিদেশতো থকা ভাৰতীয় লোকে জাতীয় পতাকা উৰুৱাই ৭৫ টা বৰ্ষ সম্পূৰ্ণ কৰা দেশৰ স্বাধীনতা দিৱস উদযাপন কৰে। কিন্তু তাৰ মাজতে সকলোফালে ভাইৰেল হৈ পৰিছে বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ মন্তব্যক লৈ।

তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীয়ে স্বাধীনতা দিৱস উদযাপন উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পতাকাক অভিবাদন জনাবলৈ অস্বীকাৰ কৰিছিল।

জানিব পৰা অনুসৰি,প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে তিৰংগাক অভিবাদন জনাবলৈ অস্বীকাৰ কৰি কৈছিল যে তেওঁ এগৰাকী খ্ৰীষ্টান আৰু ধৰ্মীয় বিশ্বাস অনুসৰি, পতাকাক অভিবাদন জনোৱাৰ অনুমতি নাই। যি মন্তব্যৰ পাছতে তোলপাৰ লাগি গৈছে সকলোফালে।

ধৰ্মপুৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী তামিলচেলভিয়ে এই বছৰ অৱসৰ গ্ৰহণ কৰিছিল। যাৰ বাবেই শিক্ষয়ত্ৰীগৰাকীক সন্মান জনোৱাৰ বাবে ১৫ আগষ্টৰ দিনাই স্বাধীনতা দিৱসৰ লগতে এক বিশেষ কাৰ্যসূচীৰো আয়োজন কৰিছিল বিদ্যালয় কৰ্তৃপক্ষই।

অনুষ্ঠানৰ পূৰ্বে বিদ্যালয় চৌহদত তিৰংগা উত্তোলন কৰাৰ কাৰ্যসূচী আছিল কিন্তু অৱসৰী প্ৰধান শিক্ষয়ত্ৰী তামিলচেলভীয়ে পতাকা উত্তোলন কৰিবলৈ অস্বীকাৰ কৰিছিল যাৰ বাবে বিদ্যালয় খনৰ সহকাৰী প্ৰধান শিক্ষকগৰাকীয়ে উত্তোলন কৰিছিল পতাকা ।

পতাকা উত্তোলনৰ বাবে অস্বীকাৰ কৰি অধ্যক্ষগৰাকীয়ে নিজৰ যুক্তি দিছিল যে তেওঁ ধৰ্মই তেওঁক তেনে কৰিবলৈ অনুমতি নিদিয়ে। পাছত ছাত্ৰ-ছাত্ৰীৰ পৰা জানিব পৰা অনুসৰি, পূৰ্বেও কোনোদিনে বিদ্যালয়ত তেখেতে পতাকা উত্তোলন কৰা নাছিল।

এই সন্দৰ্ভত শিক্ষয়ত্ৰী গৰাকীৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅত তেখেতে যুক্তি দাঙি ধৰিছে যে তেখেত খ্ৰীষ্টান ধৰ্মৰ। তেখেতে কেৱল ঈশ্বৰক অভিবাদন জনাব আৰু আন কাকো নহয়। পতাকাখনক তেখেতে সন্মান কৰে কিন্তু কেৱল ঈশ্বৰক হে অভিবাদন জনাব।

ঘটনাটোৰ পাছতে চাৰিওফালে তোলপাৰ লাগি গৈছে। ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ শিক্ষা বিষয়াৰ ওচৰতো গোচৰ দাখিল হৈছে। অভিযোগনামাত ইয়াকো কোৱা হৈছে, প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে কেৱল এইবাৰে নহয় পূৰ্বেও কোনো এটা স্বাধীনতা দিৱসতে পতাকা উত্তোলন কৰা নাই।

বৰঞ্চ যিমান দিন ধৰি বিদ্যালয়ত তেখেত প্ৰধান শিক্ষক হিচাপে আছিল সেই কেইবছৰ ১৫ আগষ্টৰ দিনটোত এদিনো বিদ্যালয়ত উপস্থিত নাছিল। অসুস্থতাৰ অজুহাত দি ছুটিত আছিল । মন্তব্যটোৰ পাছতে ৰাজ্যখনৰ মুখ্য শিক্ষা বিষয়াই তদন্ত আৰম্ভ কৰিছে।