17 C
Guwahati
Saturday, December 4, 2021
More

    ”মই নৈতিক দায়িত্ব স্বীকাৰ কৰিছো”, ৰাজ্যিক আৰক্ষী নিযুক্তি পৰিষদৰ পৰা অব্যাহতি ল’লে প্ৰদীপ কুমাৰে…

    অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰসংগত দিছপুৰত চাঞ্চল্য। এইবাৰ ব্যৰ্থতাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যিক আৰক্ষী নিযুক্তি পৰিষদৰ পৰা অব্যাহতি ল’লে অধ্যক্ষ প্ৰদীপ কুমাৰে।

    নিজে অব্যাহতি লোৱাৰ কথা সদৰি কৰি বিষয়াগৰাকীয়ে লিখিছে, ”মেধা আৰু যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলে যাতে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰে তাৰ বাবে অসম চৰকাৰে মোৰ ওপৰত ৰাজ্যিক আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ দায়িত্ব অৰ্পন কৰিছিল। সম্পূৰ্ণ স্বচ্ছতাৰে যাতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ বাবে মই সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে দায়িত্ব পালন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিলো। কিন্তু দুষ্টচক্ৰৰ ষড়যন্ত্ৰৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক পদৰ চাকৰিত বিসংগতি সংঘটিত হ’ল। ”

    ইফালে লগতে বিষয়াগৰাকীয়ে পৰীক্ষাত বহা প্ৰাৰ্থীসকলে কষ্টৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও সদৰি কৰিছে। ”…ইয়াৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আশাহত হোৱাৰ লগতে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল। মই তাৰ বাবে প্ৰাৰ্থীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো। মোৰ চাকৰি জীৱনৰ সুদীৰ্ঘ কালছোৱাত মই কোনো দিনে এনে ব্যৰ্থতাৰ সন্মুখীন হোৱা নাছিলো।”

    আনহাতে নিজৰ অব্যাহতিৰ কথা উল্লেখ কৰি লগতে বিষয়াগৰাকীয়ে লিখিছে, ”সুচাৰুৰূপে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি মই ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লৈছো।”

    উল্লেখ্য যে, অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিৰ বাবে হোৱা পৰীক্ষাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল। ২০ ছেপ্টেম্বৰত হ’বলগীয়া পৰীক্ষা ১৯ ছেপ্টেম্বৰতে মহানগৰীৰ ‘থেংক ইউ’ নামৰ হোটেলত হোৱা তথ্য লাভ কৰিছে আৰক্ষী তথা তদন্তকাৰী বিষয়াই।

    শনিবাৰলৈকে ১৩ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পিছতে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিত হৈছে বৃহত কেলেংকাৰী। সৰ্বস্তৰৰ লোকেই এই পৰীক্ষাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰৰ মুখৰ মাত কাঢ়ি নিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰসংগত দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়াৰ বাবে বাৰম্বাৰ নিৰ্দেশ দিছে। অৱশ্যে এতিয়াও আৰক্ষীৰ চকুত ঢুলি দি পলাই থাকিবলৈ সক্ষম হৈছে প্ৰাক্তন ডিআইজি তথা চাকৰিৰ কেলেংকাৰীৰ কাণ্ডৰে নাম সাঙুৰ খোৱা পি কে দত্ত। ঠিক তেনেদৰে বিজেপি নেতা দিবন ডেকাও বৰ্তমান পলাতক হৈ থাকিবলৈ বাধ্য হৈছে।

    আৰক্ষীয়ে দত্তৰ কেবাখনো বিলাসী হোটেলৰ লগতে ঘৰত অভিযান চলাই বহু তথ্য লাভ কৰাৰ লগতে নানা সামগ্ৰী জব্দ কৰিছে। তেনে পৰিস্থিতিত ইজন লোকৰ পিছত সিজনক গ্ৰেপ্তাৰ অথবা আটক হৈছে যদিও একাংশ লোকে ৰাজ্যিক আৰক্ষী নিযুক্তি পৰিষদৰ ওপৰতো সন্দেহৰ আঙুলি টোৱাইছে। তেনে পৰিস্থিতিত আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষই পদত্যাগ কৰা বিষয়টোৱে বিশেষ গুৰুত্ব বহন কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং