বাইডেনৰ আমন্ত্ৰণ; চলিত বছৰত আমেৰিকা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0
37
ৰাছিয়াক এশিকনি দিয়াৰ প্ৰস্তুতি; ভাৰতক ৫০ কোটি ডলাৰৰ এক বিশেষ পেকেজৰ অফাৰ দিব আমেৰিকাই
ফটো সৌজন্য- ইণ্টাৰনেট

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ মাজভাগত আমেৰিকা ভ্ৰমণ কৰিব পাৰে। এটা আগশাৰীৰ সংবাদ সংস্থাৰ জৰিয়তে এই কথা জানিব পৰা গৈছে।

আমেৰিকাৰ এই আমন্ত্ৰণ ভাৰতে নীতিগতভাৱে গ্ৰহণ কৰিছে আৰু দুয়োপক্ষৰ বিষয়াসকলে এতিয়া পাৰস্পৰিকভাৱে এই ভ্ৰমণৰ সম্ভাৱ্য তাৰিখৰ বিষয়ে আলোচনা কৰি আছে বুলিও সংস্থাটোৱে প্ৰকাশ কৰে।

জানিব পৰা মতে, মোদীৰ আমেৰিকাৰ সন্দৰ্ভত আলোচনা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। চলিত বৰ্ষত জি-২০ৰ সভাপতিত্ব কৰিছে ভাৰতে।

ভাৰতত চলিত বৰ্ষত জি-২০ সম্পৰ্কীয় কেইবাটাও অনুষ্ঠানো আয়োজন কৰা হৈছে, য’ত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত বাইডেনৰ লগতে আন দেশৰ মুৰব্বীসকলেও অংশগ্ৰহণ কৰিব।

দুয়োপক্ষৰ বিষয়াসকলে জুন আৰু জুলাই মাহত উপযুক্ত তাৰিখ বিচাৰি আছে। কিয়নো সেই সময়ত আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু চিনেটৰ অধিৱেশনেই নহয়, প্ৰধানমন্ত্ৰী মোদীৰো কোনো পূৰ্ব নিৰ্ধাৰিত ঘৰুৱা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণসূচী নাই।

এই ভ্ৰমণ কমেও কেইদিনমানৰ হ’ব আৰু অন্যান্য বিষয়ৰ লগতে আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিবেশনত ভাষণ আৰু হোৱাইট হাউছত নিশাৰ আহাৰ গ্ৰহণৰ সম্ভাৱনা আছে।

কিন্তু এই নিমন্ত্ৰণী পত্ৰ কেতিয়া দিয়া হৈছিল আৰু বাইডেনৰ হৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কোনে এই ব্যক্তিগত নিমন্ত্ৰণ দিছিল সেই সন্দৰ্ভত কোনো তথ্য সূত্ৰই প্ৰকাশ কৰা নাই।