
বলীউডৰ নায়িক নায়িকাসকলৰ দৰে অবিকল চেহেৰা কিছুমান আমি দেখিবলৈ পাও৷ এতিয়ালৈকে হয়তো আপুনিও কাজল, মাধুৰী,চলমান,শ্বাহৰুখ, অজয় দেৱগণ আদি অনেক ৰথী-মহাৰথীৰ ‘হামচকল’ দেখা পাইছে৷ এইবাৰ ছচিয়েল মিডিয়াত বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ দৰে অবিকল চেহেৰাৰ আৱিৰ্ভাৱ হৈছে ৷ কিন্তু আলিয়াৰ দৰে একেই দেখাত গৰাকী কিন্তু যুৱতী নহয়, এগৰাকী যুৱকহে৷ আচৰিত হৈছে নহয় ৷ ফটোখন ভালদৰে মিলাই চালে আপুনিও দেখা পাব সঁচাকৈয়ে যুৱকজনৰ চেহেৰা আলিয়াৰ সৈতে মিল আছে ৷ কিছুমানে কৈছে-এয়া দেখোন দাঢ়ি থকা আলিয়া!

ফটোখন সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ যুৱকজন হৈছে জনপ্ৰিয় য়ুটিউবাৰ ভূৱন বাম ৷ ভূৱন বামে ফটোখন টুইটাৰত দি আলিয়া ভাটক টেগ কৰি লিখিছে-‘মই দেখোন দেখিবলৈ মোৰ ক্ৰাছৰ দৰেই হৈ পৰিছো ৷ প্লীজ বলকচোন এদিন আমি কফীৰ ডেটত লগ হওঁ ৷’ পিছে আলিয়াই ভূৱনৰ প্ৰস্তাৱ গ্ৰহণ কৰে নে নাই সেয়া সময়ত হে গম পোৱা যাব৷ ৰিয়েল লাইফত আলিয়াই অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে ডেটিং কৰি আছে ৷ বৰ্তমান দুয়ো ব্যস্ত আছে ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ এখন চিনেমাৰ শ্বুটিঙত৷ উল্লেখ্য যে ৰণবীৰ-আলিয়াৰ একেলগে এইখনেই প্ৰথম ছবি ৷