সুদীৰ্ঘ ডেৰ দশকৰ পিছত ভূটানৰ পানীয়ে হাঁহি বিৰিঙালে শ শ অসমীয়াৰ

0
160

সুদীৰ্ঘ ডেৰ দশকৰ পিছত ভূটানৰ পানীয়ে হাঁহি বিৰিঙালে শ শ অসমীয়াৰ। এইবাপ আৰু কেৱল বৰষুণৰ পানীৰ ওপৰত আশা কৰিব নালাগে খেতিয়কে। এই দৃশ্য হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ।

অঞ্চলটোৰ হাতীদুৱা, শশীপুৰ অঞ্চলৰ যত শশ বিঘা মাটি চৰণীয়া পথাৰত পৰিণত হৈছিল । প্ৰায় ডেৰ দশক ধৰি বৰষুণৰ পানীৰ ওপৰতেই নিৰ্ভশীল কৰিছিল ভাৰত-ভূটান সীমান্তবাসী কৃষক সকল ।

কৰণা মহামাৰীয়ে বহু লোকৰ জীৱন আৰু জীৱিকাত অমানিশা নমাই অনাৰ সময়তেই ভাৰত-ভূটান সীমান্তৰ হাতীদুৱা, শশীপুৰ অঞ্চলৰ কৃষিজীৱী লোকসকলৰ মাজত আশাৰ ৰেঙনী দেখা পৰিলক্ষিত হৈছে ।

জানিব পৰা মতে ডেৰ দশৰ পূৰ্বে ভাৰত ভূটান সীমান্তৰ দৰঙানদীত নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰিছিল এটা বান্ধ যাক পানীৰ কোবাল সোতে উটুৱাই লৈ গৈছিল আৰু পিছত বান্ধ টো পুনৰ নিৰ্মাণ কৰে যদিও অঞ্চলটোৰ লোক সকলে খেতিৰ উপযোগী হোৱাকৈ পৰ্য্যাপ্ত পানী পোৱা নাছিল।

স্থানীয় লোকসকলে জানিব দিয়া অনুসৰি এইবাৰ চুবুৰীয়া দেশ ভূটান চৰকাৰে অঞ্চলটোৰ ৰাইজক যথেষ্ট সহায়ৰ হাত আগবঢ়াই দৰঙানদীটো ভূটানৰ ভিতৰত লৈকে পৰিস্কাৰ কৰিবলৈ দিয়া বাবে হাতীদুৱা আৰু শশীপুৰ অঞ্চলৰ দিশে পানীয়ে গতি লৈছে ।

সেয়ে দোং নোহোৱা হৈ যোৱা ঠাই সমুহত ৰাইজে জেচিবি লগাই দোং খান্দি দিয়া পৰিলক্ষিত হৈছে। এতিয়া অঞ্চলটোৰ লোক সকলে সুদীৰ্ঘ ডেৰ দশকৰ পিছত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ নকৰি একমাত্ৰ ভূটানে এৰি দিয়া পানীৰে খেতি কৰিব বুলি ভূটান চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে ।

Input and Photo – Abhijit Talukdar

আৰু পঢ়ক : ড্ৰাগছ সেৱনত বাধা প্ৰদান কৰাৰ বাবেই পত্নীক তিনি তালাক দিলে স্বামীয়ে