ওপজা দিনত সুধাকণ্ঠ ভূপেন হাজৰিকাক ৰাজ্যজুৰি স্মৰণ

ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত চৰকাৰীভাৱে উদযাপন বিশ্ব বন্দিত শিল্পীগৰাকীৰ জন্ম জয়ন্তী

0
199

ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ ৯৩সংখ্যক জন্মদিন৷ গুৱাহাটীৰ জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত চৰকাৰীভাৱে উদযাপন বিশ্ব বন্দিত শিল্পীগৰাকীৰ জন্ম জয়ন্তী৷ লগতে ভূপেনদাবিহীন ৮টাকৈ বছৰ অতিক্ৰম কৰা অসমবাসীয়ে তেওঁক স্মৰণ কৰিবলৈ ভিন্ন প্ৰান্তত আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ।

চৰকাৰী অনুষ্ঠানৰ সমাপ্তিৰ লগে লগে ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হ’ব ভূপেনদাৰ ওপৰত স্বৰচিত কবিতাৰ অনুষ্ঠান ৷ ড৹ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ দ্বাৰা দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠানৰ৷ সন্ধিয়া ৭.৩০ বজাৰ পিছত সামৰণি পৰিব এই অনুষ্ঠানৰ৷

Photo Credit : aajtak.intoday.in