আজি মুক্তি হ’বলগীয়া পাঠান ছবিৰ বিৰুদ্ধে এজাহাৰ দাখিল বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ

0
0

বহু বিতৰ্কৰ অন্তত আজি ছবিগৃহত মুক্তি লাভ কৰিব শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনীত ছবি পাঠান।

কিন্তু মুক্তিৰ পূৰ্বে তিনিচুকীয়াত পাঠান ছবিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডুমডুমা বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ।

মঙ্গলবাৰে ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত বিশ্ব হিন্দু পৰিষদ, বজৰং দল ডুমডুমা প্রখণ্ড সমিতিৰ বিভিন্ন দিশসমূহৰ ওপৰত এখন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰি ২৫ জানুৱাৰী তাৰিখে মুক্তি হ’ব লগীয়া শ্বাহৰুখ খানৰ পাঠান চিনেমা বন্ধ কৰিবলৈ ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন এজাহাৰ প্ৰদান কৰে।

উল্লেখ্য যে, বলীউডৰ মেগাষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ ‘বেছৰম ৰং’ গীতটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধিছিল। আৰু সেয়ে হিন্দুত্ববাদী সংগঠনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শ্বাহৰুখ আৰু তেওঁৰ ছবি।