বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়নৰ ছবি ভুলভুলেয়া ২ অতি শীঘ্ৰেই মুক্তি লাভ কৰিব। এই ছবিখনৰ মুক্তিৰ দিন ইতিমধ্যে প্ৰকাশ কৰিছে।
ভূষন কুমাৰৰ প্ৰযোজনাত নিৰ্মিত হোৱা এই ছবিখন এই বৰ্ষৰ নৱেম্বৰ মাহত মুক্তি লাভ কৰিব।কাৰ্তিক আৰিয়নৰ এই ছবিখন অনুৰাগীয়ে বহু দিনৰ পৰা অপেক্ষা কৰি আছে।
উল্লেখ্য যে, এই ছবিখনত কাৰ্তিক আৰিয়নৰ লগতে তাবু, কিয়াৰা আডনাবীকো দেখিবলৈ পোৱা যাব। এই ছবিখন ১৯ নৱেম্বৰত ছবিঘৰত মুক্তি লাভ কৰিব।
জানিব পৰা মতে ভুলভুলেয়া ২, ২০০৭ত মুক্তি লাভ কৰা ভুলভুলেয়াৰ চিকুৱেল।প্ৰথম খণ্ডটিত অভিনেতা অক্ষয় কুমাৰ,বিদ্যা বালনক দেখিবলৈ পোৱা গৈছিল।
আৰু পঢ়ক : দুখলগা! কাপোৰ ধোৱা মেছিনৰ ভিতৰত সোমাই মৃত্যু শিশুৰ