
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন হ’ব তাক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছিল। ৩ মহীয়া বৰ্ধিত কাৰ্যকালৰ পিছত ৩০ নৱেম্বৰত আনুষ্ঠানিক ভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ ল’ব কুলধৰ শইকীয়াই।
ফলত IPS বিষয়া ভাস্কৰ জ্যোতি মহন্তক অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পূৰ্ণকালীন আৰক্ষী সঞ্চালক প্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।