দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা বাহিৰ কৰা হ’ল ভাৰতী সিঙক!

0
16119
file photo

 জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামীক ড্ৰাগচৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল এন চি বিয়ে । ইয়াৰ পিছতে দুই স্বামী-স্ত্ৰী চৰ্চাত আছে। অৱশ্যে বৰ্তমান ভাৰতী সিং আৰু তেওঁৰ স্বামীয়ে জামিন লাভ কৰিছে ।

কিন্তু খবৰ আহিছে যে ভাৰতী সিঙক বাহিৰ কৰা হ’ব দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ভাৰতী সিঙক দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা বাহিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অৱশ্যে এই সংক্ৰান্তত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

ভাৰতী সিঙক শ্ব’ৰ পৰা বাহিৰ কৰা ক্ষেত্ৰত কৃষ্ণ অভিষেকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।তেওঁ কয় যে  ”এয়া এক ভুৱা প্ৰচাৰ। কোনো  সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই” ।

লগতে কয় যে ”কপিল শৰ্মা সদায় ভাৰতীক সমৰ্থন কৰিব । মইও কৰিম। ভাৰতী কামত আহিব লাগিবই । পিছত কি হ’ব দেখা যাব । কপিল আৰু মই ভাৰতীৰ লগত আছো আৰু এতিয়ালৈকে চেনেলে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ”।