33 C
Guwahati
Monday, September 26, 2022
More

    এবিধ অতিকে বিষাক্ত গছ, যি ঘৰৰ ভিতৰতো ৰাখে বহুতে, পাছে জানেনে ১-১৫ মিনিটৰ ভিতৰতে প্ৰাণ কাঢ়িব পাৰে এই বিধ উদ্ভিদে

    এবিধ অতিকে বিষাক্ত গছ, যি ঘৰৰ ভিতৰতো ৰাখে বহুতে, পাছে জানেনে ১মিনিটৰ পৰা ১৫ মিনিটৰ ভিতৰত প্ৰাণ কাঢ়িব পাৰে ই

    সাধাৰণতে ঘৰৰ ভিতৰত ৰখা এবিধ ধুনিয়া ধুমিয়া পাত থকা উদ্ভিদ। যি অতিকে বিষাক্ত। যি উদ্ভিদৰ পৰা সাৱধানে থকাটো অতিকে প্ৰয়োজন। এই উদ্ধিদ বিধ ইমানেই বিষাক্ত যে ই ১ মিনিটৰ পৰা ১৫ মিনিটৰ ভিতৰত কাৰোবাৰ প্ৰাণ কাঢ়িব পাৰে।

    এই উদ্ভিদবিধ আমাৰ ঘৰ, বাগিচা, উদ্যান আৰু কাৰ্যালয়ত সচৰাচৰ দেখা যায়। যি বাহিৰৰ সলনি ঘৰৰ ভিতৰত সাধাৰণতে ৰাখে বহুতে। এই উদ্ভিদবিধৰ নাম ডাম্ব কেন বা ডাইফেনবাচিয়া (Dumb Cane or Dieffenbachia)।

    ই এক মাৰাত্মক বিষ, বিশেষকৈ শিশুসকলৰ বাবে। ই এক মিনিটতকৈকম সময়ৰ ভিতৰত এটা শিশু আৰু ১৫ মিনিটত প্ৰাপ্তবয়স্ক এজনক হত্যা কৰিব পাৰে।

    পাছে কি এনে বিষাক্ত ই- ইয়াৰ ৰস ইমানেই বিষাক্ত যে, ই এজন ব্যক্তিৰ শ্বাস প্রশ্বাস পৰ্যন্ত বন্ধ কৰি দিব পাৰে।

    যদি ইয়াৰ ৰস (দেখাত গাখীৰৰ দৰে) আপোনাৰ ছালৰ সৈতে সংস্পৰ্শলৈ আহে তেনেহ’লে খজুৱতি হব পাৰে।

    যদি ইয়াৰ সৰ স্পৰ্শ কৰা হয়,তেন্তে চকু স্পৰ্শ কৰিব নালাগে; ইয়াৰ ফলত আংশিক বা স্থায়ী অন্ধত্ব হ’ব পাৰে।

    এই উদ্ভিদৰ পাতৰ টুকুৰা যদি শিশুৱে খাই দিয়ে, তেন্তে জিভাৰ লগতে শ্বাস নলী স্বাসৰুদ্ধ হোৱাকৈ ফুলি যাব পাৰে।

    পাতবোৰ চোবাই খালে প্ৰচুৰ লেলাৱতি আৰু তীব্ৰ জ্বলা-পোৰা হ’ব, তাৰ পিছত ওঁঠ, মুখ, জিভা আৰু ডিঙি ফুলিব। ইয়াৰ ফলত উশাহ লোৱা আৰু গিলিবলৈ অসুবিধা হয়, লগতে জিভাখন অচল হৈ পৰে আৰু ব্যক্তিজনক নিৰ্বাক কৰি তোলে।

    সেয়ে ইয়াক শিশু থকা ঘৰৰ পৰা বাহিৰত ৰাখক। যদি ওঁঠ বা জিভা ফুলি যায় বা উশাহ লোৱা বা গিলিবলৈ অসুবিধা হয় তেনেহ’লে পলম নকৰাকৈ জৰুৰী চিকিৎসা গ্ৰহণ কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং