সাৱধান! TikTokৰ নকল লিংক হৈ আছে শ্বেয়াৰ, ভুলতেও নকৰিব ডাউনলোড, নহ’লে পৰিব সমস্যাত

0
253

ভাৰত আৰু চীনৰ মাজত হৈ থকা বিবাদৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দিনত চীনক আন এটা বৃহৎ আঘাত দিছিল।

কেন্দ্ৰ চৰকাৰে টিকটক, ইউচি ব্ৰাউচাৰসহ ৫৯টা চীনৰ এপছ দেশত নিষিদ্ধ কৰি দিছিল।

বৰ্তমান চাইবাৰ অপৰাধীয়ে এই এপছসমূহৰ নামত ভুৱা URLs প্ৰেৰণ কৰি আছে আৰু তেওঁলোকে এইটো দাবী কৰিছে যে ভাৰতত এই এপ চলিব।

এওঁলোকৰ ভুৱা URLs ডাউনলোড কৰাৰ লগে লগে আপোনাৰ ফোনত আক্ৰমণ কৰি আছে।

আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে এই ভুৱা URLsত একেবাৰে গুৰুত্ব প্ৰদান নকৰিব।

কাৰণ এওঁলোকৰ উদ্দ্যেশ্য কেৱল আপোনাৰ ফোনৰ ডেটা চুৰি কৰা। চৰকাৰে ৫৯টা এপছ্ বন্ধ কৰাৰ এইটোৱেই কাৰণ আছিল।

যাৰ জৰিয়তে দেশৰ কোনো লোকৰ কোনো তথ্য অনুচিত ব্যৱহাৰ নহওক।

কিছু দিন পূৰ্বে Kasperskyৰ পৰা এটা ৰিছাৰ্চ টীমে পাইছিল যে চাইবাৰ অপৰাধীয়ে ইউজাৰসকলৰ ফোনত ডাউনলোড কৰিবলৈ এই লিংকছ সমূহ প্ৰেৰণ কৰে।

এই চাইবাৰ অপৰাধীৰ এটাই উদ্দ্যেশ্য যে ইউজাৰে এই লিংকটো নিজৰ ফোনত ডাউনলোড কৰক আৰু অপৰাধীয়ে তেওঁলোকৰ ফোনৰ পৰা সকলো প্ৰয়োজনীয় ডেটা উলিয়াই পাৰে।

“TikTok Pro নামৰ এই এপটো ইউজাৰে যেতিয়াই নিজৰ ফোনত ডাউনলোড কৰে।

তেতিয়াই এই এপটোৱে কনটেক্ট নম্বৰ আৰু SMS পঢ়াৰ অনুমতি বিচাৰে।

ইয়াৰ পিছত ইউজাৰে নিজৰ কিছু তথ্য TikTokৰ বাবে ভৰাব লাগে। পিছত এই চাইবাৰ অপৰাধীসকলে ইয়াৰ সুবিধা উঠাই টকা উপাৰ্জন কৰে।

আহক জানো, নিজৰ স্মাৰ্ট ফোনটো কেনেদৰে সুৰক্ষিত কৰিব

সদায় অফিচিয়েল এপ ষ্টোৰৰ পৰাহে যিকোনো এপ্লিকেচন ডাউনলোড কৰিব।

এপ ডাউনলোড কৰাৰ পিছত কোনোধৰণৰ আপুনি তথ্য দিয়াৰ আগতে ভালদৰে পঢ়ি লওক।

যিকোনো বিশ্বাসযোগ্য চাইবাৰ ছিকিউৰিটী (Cyber Security) ছফ্টৱেৰ বা এণ্টিভাইৰাছ ব্যৱহাৰ কৰক। যিয়ে আপোনাক ভুল আৰু শুদ্ধ তথ্য দিব পাৰে।

Photo Credit: financialexpress