21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুৰুষৰ বাবে ৯ বিধ শক্তিবৰ্ধক খাদ্যঃ জানক কি কি খালে আপুনি থাকিব পাৰে সুস্থ

    আমি সাধাৰণতে মহিলাৰ খাদ্য তালিকাৰ সন্দৰ্ভত প্ৰায়েই আলোচনা কৰো। মহিলাৰ পুৰুষৰ বাবে দৰে এজন পুৰুষকো
    পুষ্টি আৰু শক্তিৰ দৰকাৰ।

    আজি আমি জানো আহক কেনেধৰমৰ খাদ্যই এজন পুৰুষক মানষিক ভাৱে সুস্থ কৰি ৰখাৰ লগতে শাৰীৰিকভাৱেও সুস্থ কৰি ৰাখে। এই খাদ্যই আপোনাৰ ব্যক্তিগত জীৱনতো ইতিবাচক প্ৰভাৱ পেলাব।

    চৰ্বীযুক্ত মাছঃ সাধাৰণ মাছৰ সলনিও পুৰুষে চৰ্বীযুক্ত মাছ খাওক। এই মাছ পুৰুষৰ হৃদৰোগৰ বাবে যথেষ্ট উপকাৰী।

    চকলেটঃ ডাৰ্ক চকলেটত পুৰুষৰ বাবে প্ৰয়োজনীয় বহুতো ভিটামিন থাকে। ডাৰ্ক চকলেটে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। সেইবাবে সন্তুলিত মাত্ৰাৰে চকলেট সেৱন কৰক।

    আদাঃ আদা খালে জীম যোৱা পুৰুষসকলৰ মাংসপেশীৰ বিষ অথবা গাৰ বিষ কম হয়।

    গাখীৰ আৰু দৈঃ গাখীৰ আৰু দৈ শৰীৰৰ পুষ্টিৰ বাবে বহুতো উপকাৰী। ইয়াৰ পৰা লাভ কৰা প্ৰ’টিন, পটাছিয়াম স্বাস্থ্য ভাল কৰি ৰাখে।

    চয়াবিনৰ পৰা তৈয়াৰী খাদ্যঃ চয়াবিনৰ পৰা তৈয়াৰী খাদ্য কৰ্কট ৰোগৰ প্ৰতিষেধক। দেহত শক্তি বৃদ্ধি কৰে।

    কমলা ৰঙৰ খাদ্যঃ কমলা ৰঙাৰ খাদ্য অথবা ডাঠ হালধীয়া খাদ্যত ভিটামিন চি প্ৰচুৰ পৰিমানে থাকে।

    সেউজীয়া শাক-পাচলিঃ সেউজীয়া শাক-পাচলি শৰীৰৰ বাবে যথেষ্ট পুষ্টিকৰ। সেউজীয়া শাক-পাচলিয়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

    কণীঃ কণীত প্ৰ’টিন , ল্যুটিন আৰু আইৰণ প্ৰচুৰ পৰিমানে থকা বাবে ই শৰীৰৰ বাবে যথেষ্ট উপকাৰী। কণীত থকা কলেষ্টৰেল শৰীৰৰ বাবে যথেষ্ট উপকাৰী।

    ব্ৰাউন ৰাইচঃ ব্ৰাউন ৰাইচ অথবা ভাতত শৰীৰ উপযোগী যথেষ্ট ফাইবাৰ থাকে। কোনো পুৰুষৰ বাবে লোকে ব্ৰাউন ৰাইচ খাই বেয়া পালে তাৰ লগতে সাধাৰণতে ব্যৱহৃত ভাতৰ চাউলো মিহলাই লব পাৰে।

    আৰু পঢ়ক : পত্নীক ফোন কৰি শেষবাৰৰ কাৰণে মাত শুনিলে তিনিবছৰীয়া সন্তানৰঃ “মই ঘৰলৈ উভতি নাহো, আত্মহত্যা কৰিবলৈ যাওঁ”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং