ঘৰুৱা সহায়ীকাৰ সৈতে যৌন সম্ভোগ কৰোঁতে মৃত্যু হ’ল ব্যৱসায়ীৰ ! প্লাষ্টিকেৰে মেৰিয়াই মৃতদেহ পেলালে জংঘলত

0
51344

ঘৰুৱা সহায়ীকাৰ সৈতে যৌন সম্ভোগ কৰোঁতে মৃত্যু হ’ল ব্যৱসায়ীৰ ! প্লাষ্টিকেৰে মেৰিয়াই মৃতদেহ পেলালে জংঘলত

বাংগালুৰুত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চহৰখনৰ এটা বিচ্ছিন্ন এলেকাত এজন ব্যৱসায়ীৰ মৃতদেহ পৰি থকা অৱস্থাত পোৱা গৈছিল। ঘটনাৰ সন্দৰ্ভত
আৰক্ষীয়ে জনোৱা অনুসৰি, ৬৭ বছৰীয়া বালাসুব্ৰহ্মণ্যমৰ তেওঁৰ ঘৰুৱা সহায়কৰ সৈতে অবৈধ সম্পৰ্ক আছিলে।

ব্যৱসায়ী গৰাকীয়ে সহায়কৰ সৈতে যৌন সম্ভোগ কৰাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল। বালাসুব্ৰহ্মণ্যমৰ মৃত্যুৰ পিছত মহিলাগৰাকী হত্যাৰ অভিযোগত ধৰা পৰাৰ আশংকা কৰিছিল আৰু তেওঁৰ স্বামী আৰু ভায়েকক সহায়ৰ বাবে মাতিছিল।

আৰক্ষীয়ে কৈছিল যে মহিলাগৰাকীৰ স্বামী আৰু ভাতৃয়ে মৃতদেহটো প্লাষ্টিকৰ এটা মোনাত পেক কৰিছিল। আৰু জে.পি.চহৰৰ এলেকাত দলিয়াই দিছিল। মহিলাগৰাকীয়ে আৰক্ষীক দিয়া তথ্য অনুসৰি মানুহজন তেওঁৰ ঘৰত উপস্থিত হোৱাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈছিল, আৰু মৃত্যু বৰণ কৰিছিল।

তেওঁৰ মৃত্যুৰ পিছত মহিলাগৰাকীয়ে ভয় খাই ছিল। তেওঁ স্বামী আৰু ভায়েকক সহায়ৰ বাবে মাতিছিল আৰু তেওঁলোকে মৃতদেহটো প্লাষ্টিকত মেৰিয়াই এটা নিৰ্জন স্থানত পেলাই দিছিল।

বালাসুব্ৰহমান্যমৰ পৰিয়ালৰ সদস্যসকলৰ মতে,ব্যৱসায়ী জনে কিছু ব্যক্তিগত কামৰ বাবে বাহিৰলৈ গৈছে বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। । আৰক্ষীয়ে মহিলাগৰাকী, তেওঁৰ স্বামী আৰু ভায়েকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।