দেশৰ আটাইতকৈ দামী কুকুৰ! ইয়াৰ বিশেষত্ব শুনিলে আপোনাৰো মন যাব চাবলৈ…

0
1167

দেশে-বিদেশে বহু আছে পোহনীয়া জন্তুৰ প্ৰতি আকৰ্ষিত লোক। এই লোকসকলে বিভিন্ন প্ৰজাতিৰ কুকুৰ, মেকুৰী হওক বা আন যিকোনো প্ৰাণী নিজৰ লগত ৰাখে।

ইয়াৰ মাজতে বিগত কিছুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰিছে বেংগালুৰুৰ এজন ব্যক্তিয়ে। কিছুদিন পূৰ্বে ২০ কোটি টকা খৰচ কৰি তেওঁ এটা কুকুৰ ক্ৰয় কৰিছিল। এই কুকুৰটোৰ জীৱনশৈলী ইমানেই বিলাসী যে ইয়াৰ যতনৰ বাবে দৈনিক যিমান খৰচ হয় সেইটো কাৰোবাৰ দৰমহা সম হ’ব পাৰে।

আচলতে বেংগালুৰুত বসবাস কৰা এইজন ব্যক্তিৰ নাম সতীশ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সতীশৰ এই কুকুৰটোৰ নাম কেডবোম হাইদৰ আৰু ইয়াৰ বয়স ডেৰ বছৰ।

সতীশ এজন কুকুৰ পালনকাৰী। কোকেচীয়ান জাতৰ এই বিৰল জাতৰ কুকুৰটো তেওঁ হায়দৰাবাদৰ এজন প্ৰজননকাৰীৰ পৰা ক্ৰয় কৰিছিল।

এই কুকুৰটোৰ বহুতো বিশেষত্ব আছে। এই কুকুৰটোৱে বহু কুকুৰৰ শ্ব’ সমূহতো অংশ গ্ৰহণ কৰিছে। বিশেষ কথাটো হ’ল এই প্ৰতিযোগিতাত তেওঁ বহু পদকো লাভ কৰিছিল।

শেহতীয়াকৈ হায়দৰাবাদৰ এজন ব্যৱসায়ীয়ে এই কুকুৰটো কিনিবলৈ সতীশক ২০ কোটি টকাৰ প্ৰস্তাৱ দিছিল। কিন্তু সতীশে পোনচাটেই এই প্ৰস্তাৱ নাকচ কৰিছিল।

ইফালে আন এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই কুকুৰটোৰ বাবে সতীশে দৈনিক দুইৰ পৰা তিনিহাজাৰ টকা খৰচ কৰে। কুকুৰটো অহা-যোৱা কৰিবলৈ এচি বাহনৰ ব্যৱস্থাও কৰা হৈছে।

দাবী কৰা অনুসৰি, এইটো ভাৰতৰ আটাইতকৈ দামী কুকুৰ। কোকেচীয়ান জাতৰ এই কুকুৰটো অতি বুদ্ধিমান আৰু ইয়াক পহৰা দিয়াৰ বাবে ব্যৱহাৰ কৰা হয়।