
৫২ হাজাৰ ৮৪১ টকাৰ সুৰা ক্ৰয় কৰাৰ ৰচিদ কেতিয়াবা দেখিছেনে আপুনি? ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ৰচিদৰ ফলত কৰ্ণাটক চৰকাৰৰ চকু কপালত উঠিছে। ইয়াৰ বাবে বেংগালুৰুৰ আৱকাৰী বিভাগে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বৰ্তমান ভেনিলা স্পিৰিট জন দোকানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
দৰাচলতে ভাৰতৰ কেইবাখনো ৰাজ্যত সুৰাৰ বিক্ৰীৰ আজি দ্বিতীয়টো দিন। দীঘলীয়া শাৰীত থিয় হৈ বিভিন্নজনে সুৰা ক্ৰয় কৰি আছে। কেইবাখনো ৰাজ্যৰ চৰকাৰে সুৰা ক্ৰয় কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰিছে আৰু ইয়াৰ অধীনতে সুৰা ক্ৰয় কৰিব দিয়া হৈছে। কৰ্ণাটক চৰকাৰেও সুৰা ক্ৰয় কৰাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা প্ৰদান কৰিছিল কিন্তু চৰকাৰ এই আদেশৰ হাঁহিয়াতৰ পাত্ৰ কৰিলে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ৰচিদে।

সোমবাৰে এজন লোকে Vanilla Spirit Zone নামৰ এই সুৰা বিপণীখনৰ পৰা ৫২ হাজাৰ ৮৪১ টকা সুৰা ক্ৰয় কৰে আৰু ইয়াৰ ৰচিদ লোকজনে ছচিয়েল মিডিয়াত পোষ্ট কৰিলে। ক্ষন্তেকতে এই ৰচিদখন ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে বেংগালুৰু আৱকাৰী বিভাগে তদন্ত আৰম্ভ কৰে আৰু এজন লোকক সীমিত সংখ্যাত সুৰা দিয়াৰ বিপৰীতে অধিক সুৰা দিয়াক লৈ অভিযান আৰম্ভ কৰে।
ইফালে দোকানীজনে কোৱা অনুসৰি ৫২ হাজাৰ ৮৪১ টকাৰ সুৰা কেৱল এজন লোকে নহয় ৮জন লোকে মিলিহে ক্ৰয় কৰিছে। এই ৮জন লোকৰ টকা এজন লোকৰ কাৰ্ডেৰে দিয়ে আৰু এজনৰ নামতে বিল বনোৱা হয় বুলি কয় দোকানীজনে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
কৰ্ণাটকৰ আৱকাৰী বিভাগৰ নিয়ম অনুসৰি এজন লোকক ২.৬ লিটাৰহে সুৰা দিব পাৰে। ইয়াতকৈ অধিক সুৰা প্ৰদান কৰিলে উচিত ব্যৱস্থা কৰাৰ সম্ভাৱনা।
Photo credit: PTI