
পুনৰ অসমীয়া ভাষাৰ বিৰুদ্ধে ভয়ংকৰ ব্লুপ্ৰীণ্ট বঙালী বুদ্ধিজীৱীৰ। অসমত বাংলা ভাষা ৰাজ্যভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কলকাতাত আৰম্ভ হৈছে চক্ৰান্ত। বৰাকৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ হুংকাৰৰ পিছত এইবাৰ ৰাজ্যভাষা বাংলা কৰাৰ বাবে হুংকাৰ বঙালী নেতা চন্দন চেটাৰ্জীৰ।
‘বৰাকৰ লোকে কোনোপধ্যেই গ্ৰহণ নকৰে অসমীয়া ভাষা।’ অসমত ৰাজ্যভাষা অসমীয়া হ’ব বুলি অমিত শ্বাহে কৰা ঘোষণাক লৈ ভাবুকি চন্দন চেটাৰ্জীৰ। ১৯৬১ৰ দৰে পুনৰ হ’ব ভাষা আন্দোলন। NRC শেষ হোৱাৰ পিছত অসমৰ উগ্ৰজাতীয়তাবাদীৰ কোনো ইচ্ছ্যু নাই।
সেয়ে পুনৰ বাংলা ভাষাৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে। প্ৰয়োজনত তেজৰ নৈ বোৱাই দিব তথাপিও বৰাকত অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰা নহয়। ২০২১ৰ লোকপিয়লত পুনৰ চলো পাল্টাইৰ পোষকতা। অসমীয়া ভাষা ওফৰাই সকলো বঙালীকে নিজৰ মাতৃভাষা বাংলা লিখাৰ আহ্বান বঙালী নেতাগৰাকীৰ।
ইফালে অসমীয়া ভাষাক নিঃশেষ কৰি বাংলাক ৰাজ্যভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱা কাৰ্যত জাঙুৰ খাই উঠিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু। বঙালী নেতা চন্দন চেটাৰ্জীৰ মিছন জয় বাংলাক কঠোৰ সকিয়নী নেমছুৰ। বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয় বাংলা শ্লোগান দি এইসকল বঙালী নেতাক বাংলা ভাষা ৰাজ্যভাষা কৰাত উদগনি দিছে।
অসম সাহিত্য সভাকো সমালোচনা নেমছুৰ সভাপতি বদৰুল ইছলামৰ। সুকুমাৰ বিশ্বাসৰ দৰে নেতাক কাষত বহুৱাই সাহিত্য সভাৰ সভাপতিয়ে কি বুজাব বিচাৰিছে, সদায় বাংলাদেশীৰ হৈ কাম কৰা সুকুমাৰ বিশ্বাসৰ লগত সাহিত্যসভাৰ কি সম্পৰ্ক বুলিও প্ৰশ্ন উত্থাপন নেমছুৰ সভাপতিগৰাকীৰ। বৰাকত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিব লাগে। খুলিব লাগে অসমীয়া মাধ্যমৰ বিদ্যালয়।
অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বৰাকত প্ৰয়োজনত চৰকাৰে সেনা মোতায়ন কৰক। অসমীয়াৰ বিৰুদ্ধে কথা নক’বলৈ শিলাদিত্য দেৱ, প্ৰদীপ দত্ত ৰয় আৰু শান্তনু চেটাৰ্জীক সকীয়নি নেমছুৰ। অসমীয়া ভাষাৰ বিৰুদ্ধে কথা ক’লে মুখ চিলাই কৰি দিয়াৰ ভাবুকি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ সভাপতি বদৰুল ইছলামৰ।