26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    তৃণমূলৰ আক্ৰমণত অসমলৈ পলাই অহা বিজেপি কৰ্মীক সাক্ষাৎ পশ্চিম বংগৰ ৰাজ্যপালৰ

    তৃণমূলৰ আক্ৰমণত অসমলৈ পলাই অহা বিজেপি কৰ্মীক সাক্ষাৎ পশ্চিম বংগৰ ৰাজ্যপালৰ

    যোৱা ২ মে’ত পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা ৰাজ্যখনত চলা হিংসাত্মক কাৰ্যকলাপত ঘৰ-বাৰী এৰি অসমলৈ পলায়ন কৰা বিজেপি নেতা-কৰ্মীসকলক আজি সাক্ষাৎ কৰে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধংখৰ।

    ধুবুৰী জিলাৰ ৰণপাগলী শিৱিৰত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে আশ্ৰয় লৈ থকা বংগৰ লোকসকলৰ বৰ্তমানৰ পৰিস্থিতি বুজ লয়।

    আশ্ৰয় শিৱিৰত থকা লোক সকলে ৰাজ্যপালৰ ওচৰত ভয়াবহ হিংসাত্মক কাৰ্যকলাপৰ কথা সুঁৱৰি কান্দোনত ভাঙি পৰে।

    এই সাক্ষাতৰ পিছতে ৰাজ্যপাল গৰাকীয়ে লোকসকলক অতি শীঘ্ৰে নিজ ৰাজ্য তথা ঘৰলৈ ওভতাই নিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

    উল্লেখ্য যে ২ মে’ত ফলাফল ঘোষণাৰ পিছৰে পৰা পুনৰ এবাৰ ৰাজ্যৰ শাসনভাৰ দখল কৰা তৃণমূলৰ নেতা-কৰ্মীসকলে বিজেপিৰ নেতা-কৰ্মীসকলৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ সংঘটিত কৰে।

    ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলা এই আক্ৰমণত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে আ বহু লোকে প্ৰাণৰ শংকাত ঘৰ-বাৰী এৰি অসমত প্ৰৱেশ কৰিছিল। অসমত প্ৰৱেশ কৰা লোকসকলক ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰৰ তৰফৰ পৰা আশ্ৰয় প্ৰদান কৰা হৈছে।

    আৰু পঢ়ক : আলফা (স্বাঃ) এ অসমৰ তিনিটা ৰাজহুৱা তেল প্ৰতিষ্ঠানক বান্ধি দিলে ৭ টা চৰ্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং