26 C
Guwahati
Thursday, May 26, 2022
More

    বিশেষ : কৰ’ণাৰ বাবে Google Meet-ত বিয়া, অতিথিয়ে পাব Zomato-ৰ পৰা খাদ্য

    কৰ’ণা ভাইৰাছৰ আগমনৰ পিছৰে পৰা সলনি হৈ পৰিছে পাৰ্টী উদযাপন আৰু অনুষ্ঠান আয়োজনৰ ধৰণ। পূৰ্বে যিকোনো অনুষ্ঠানত শ-শ লোক উপস্থিত থাকিব পাৰিছিল কিন্তু এতিয়া বিবাহ আৰু পাৰ্টীও হৈ পৰিল ভাৰ্চুৱেল।

    শেহতীয়াকৈ পশ্চিম বংগৰ এহাল দম্পতীয়ে কৰ’ণা যুগত এক ভাৰ্চুৱেল বিবাহৰ লগতে ভাৰ্চুৱেল ভোজৰ ব্যৱস্থা কৰাৰ কথা পোহৰলৈ আহিছে।

    ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ চৰকাৰে বিয়াত ২০০ লোকৰ উপস্থিতিৰ অনুমতি দিছে যদিও সন্দীপন সৰকাৰ আৰু অদিতি দাসে বিয়াত ক’ভিডক আঁতৰাই ৰাখিবলৈ যিধৰণৰ ব্যৱস্থা কৰিছে সেই কথাই সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে।

    তেওঁলোকে নিজৰ বিয়াত ৪৫০ গৰাকী অতিথিক নিমন্ত্ৰণ জনাইছে, কিন্তু বিয়াত ক’ভিড সংক্ৰমণৰ কোনো ভয় নাথাকিব।

    বৰ্ধমানৰ নিবাসী দম্পতিহালে অহা ২৪ জানুৱাৰিত বিবাহপাশত আৱদ্ধ হ’ব।  এই সন্দৰ্ভত দৰা সন্দীপনে কয় যে তেওঁলোকে যোৱা বছৰৰ পৰা বিয়াত বহাৰ পৰিকল্পনা কৰি আছিল কিন্তু বাধা হৈ আছিল ক’ভিড।

    সেয়ে এইবাৰ এক ব্যতিক্ৰমী পৰিকল্পনা কৰি এজন বিশেষজ্ঞৰ সহায় লৈ গুগল মীটৰ জৰিয়তে সকলোকে বিয়াৰ নিমন্ত্ৰণ জনায়। বিয়াৰ কাৰ্ড ইলেক্ট্ৰনিক, আৰু ইয়াৰ জৰিয়তে ৪৫০ গৰাকী অতিথিকি নিমন্ত্ৰণ জনায়।

    বিয়াত অংশ ল’বলৈ সকলোকে গুগল লিংকো পঠিয়াব বুলি জানিবলৈ দিয়ে।

    এই বিয়াখনৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল বিয়াৰ পাৰ্টী। দৰাচলতে বিয়াৰ পাৰ্টী বুলি ক’লে সকলোৱে একেলগে মিলি এসাজ খাই যদিও এই বিয়াখনত হ’ব ভাৰ্চুৱেলি গেট টু গেডাৰ।

    প্ৰতিগৰাকী অতিথিক অনলাইনযোগে খাদ্য পঠিওৱা হ’ব। অৰ্থাত জোমেট’ৰ জৰিয়তে খাদ্য প্ৰদান কৰা হ’ব অতিথিক।

    দেখাত অতি আকৰ্ষণীয় হ’বলগীয়া এই বিয়াখন আগন্তুক সময়ত বহুতৰ বাবে প্ৰেৰণাদায়ক হ’ব।

    আৰু পঢ়ক : সৌৰভ গাগুংলী আৰু জয় শ্বাহে এৰিব বি চি চি আই? ইয়াৰ কাৰণ কি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং