30 C
Guwahati
Friday, September 17, 2021
More

    তৰমুজ- প্রচুৰ পৰিমানে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ থকা এইবিধ ফলে চৰ্বি নিয়ন্ত্ৰণো কৰে

    তৰমুজ- প্রচুৰ পৰিমানে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ থকা এইবিধ ফলে চৰ্বি নিয়ন্ত্ৰণো কৰে

    চাৰিওফালে এতিয়া লকডাউন -কাৰ্ফিউ। যাৰ বাবে অতিকে সংকটত পৰিছে খেতিয়ক সকল। কিছু টকা উপাৰ্জন কৰাৰ মানসেৰে কৰা তৰমুজৰো বিঘাই বিঘাই খেতি পথাৰতে নষ্ট হৈছে। কোনোৱে আকৌ বিক্ৰী কৰিব নোৱাৰি ৰাস্তাতে পেলাইছে। মুঠতে দেখি বেয়া লগা দৃশ্য এতিয়া চাৰিওফালে।

    সেয়ে যদি সামৰ্থ্য থকা সকলো লোকই নিতৌ একোটাকৈ তৰমুজ কিনে, তেতিয়া সেই খেতিয়ক সকলৰ সহায় হোৱাৰ লগতে নিজৰ স্বাস্থ্যৰ পক্ষেও বহু উপকাৰী। এনেই কথা এষাৰ আছেই বতৰৰ ফল বতৰত খাব লাগে।

    পিছে বাহিৰে ডাঠ সেউজীয়া তৰপ আৰু ভিতৰি ৰঙা মঙহাল এই ফলবিধৰ এনে কি গুণ আছে। প্ৰথমেই কব লাগিব ইয়াত থকা পানীৰ কথা-

    তৰমুজত শতকৰা ৯২ ভাগ পানী থাকে। ই শৰীৰত কমি যোৱা পানীৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

    প্রাকৃতিকভাৱে ইয়াত অন্য ফলৰ দৰে কোনো চর্বি নাথাকে। যাৰ বাবে শৰীৰৰ বৰ্ধিত মেদ কমাবলৈ বিচৰাসকলৰ বাবে তৰমুজ এবিধ উত্তম খাদ্য। ইয়াত এণ্টি অক্সিডেণ্ট থাকে।

    ইয়াত প্ৰচুৰ পৰিমানে ভিটামিন এ, ভিটামিনি চি থাকে। যিয়ে বহু ৰোগত ভাল। তৰমুজত পটাছিয়াম আৰু খনিজ আইৰণো থাকে। লগতে ইয়াৰ ৰঙা মঙহালত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে। সেয়ে গৰমৰ দিনত প্ৰয়োজনীয় সকলো খিনিয়েই থকা এটা তৰমুজ পৰিয়ালৰ সৈতে নিতৌ খাবলৈ যত্ন কৰক ।

    আৰু পঢ়ক : ১জুনৰ পৰা ব্যয়বহুল হৈ পৰিব বিমান যাত্ৰা, ১৬ শতাংশলৈ বৃদ্ধি ভাড়া

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং