28 C
Guwahati
Monday, September 26, 2022
More

    খাদ্যত দিয়া নহৰুৰ উপকাৰিতা জানেনে ? বহু বিপদজনক ৰোগৰ পৰা মুক্ত কৰে শৰীৰ

    খাদ্যত দিয়া নহৰুৰ উপকাৰিতা জানেনে ? বহু বিপদজনক ৰোগৰ পৰা মুক্ত কৰে শৰীৰ

    নহৰুৱে খাদ্য সুস্বাদু কৰাৰ লগতে স্বাস্থ্যও ভালে ৰাখে। নহৰুৰ বহুতো ঔষধি গুণ আছে যি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰি হয়।

    প্ৰাচীন কালৰ পৰাই নহৰু ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে।. আগতে, যেতিয়া কোনো ৰোগ হৈছিল বৃদ্ধলোক সকলে প্ৰথমে নহৰু খাৱলৈ কৈছিল।

    বিশেষকৈ শীতৰ দিনত, প্ৰতিটো খাদ্যত নহৰু দি ৰন্ধা হৈছিল।ইয়াৰ কাৰণ হৈছে নহৰুত স্বাস্থ্যৰ বাবে বহুতো উপকাৰী গুণ আছে।

    ইয়াত যথেষ্ট পৰিমাণৰ ফছফৰাছ সদৃশ উপাদান থাকে, যি বহুতো ৰোগৰ চিকিৎসাত কাৰ্যকৰী হয়। নহৰু খোৱাৰ উপকাৰিতা সমূহ হৈছে-

    ১) নহৰু খালে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয়। ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি আহে। নিয়মীয়াকৈ নহৰু সেৱন কৰা লোকসকল স্বাস্থ্যৱান হৈ থাকে।

    ২) তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে৷ দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, মেদবহুলতা কমোৱাত সহায়ক হয়৷

    ৩) হৃদৰোগী সকলৰ বাবে নহৰুও উপকাৰী। ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে। দৈনিক ভজা বা কেঁচা নহৰু খালে হৃদযন্ত্ৰশক্তিশালী হৈ থাকে ।

    ৪) খালী পেটত নহৰু খালে তেজত চেনীৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে। ই ডায়েবেটিচৰো ৰোগীৰ বাবে লাভান্বিত হয়। লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয়৷

    ৫) পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷

    ৬) নহৰুৱে পাচন তন্ত্ৰ শক্তিশালী কৰে। ই হজম প্ৰক্ৰিয়া উন্নত কৰে। ইয়াৰ ফলত পাকস্থলীত কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আদিৰ দৰে সমস্যাবোৰ নোহোৱা কৰে।

    ৭)নহৰুৰ এণ্টিমাইক্ৰোবাইল গুণাগুণ আছে যি চকুশক্তিশালী কৰে ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং