33 C
Guwahati
Wednesday, October 13, 2021
More

    কলৰ বাকলিৰ মহান উপকাৰিতা, পেট-ছাল-চুলি-দাঁত…পঢ়ক সবিশেষ

    কলৰ বাকলিৰ মহান উপকাৰিতা, পেট-ছাল-চুলি-দাঁত…পঢ়ক সবিশেষ

    ধৰাৰ বুকুত থকা সকলো গছগছনিৰ ভিতৰত কলেই হয়তো এনে এবিধ গছ যাৰ গা-গছৰ পৰা আৰম্ভ কৰি, পাত, ফল, ফুল, ফলৰ বাকলি পৰ্যন্ত বহু উপকাৰী। গোটেই গছডালেই মানৱ শৰীৰৰ বাবে বহু উপকাৰী।

    কলৰ বাকলিয়ো হৈছে বহু উপকাৰী গুণেৰে সমৃদ্ধ।

    খাৰ– কলৰ বাকলিৰে প্ৰস্তুত কৰা কলা খাৰ এবিধ স্বাস্থ্যৰ বাবে অতিকে গুণৰ খাদ্য। এইক্ষেত্ৰত অৱশ্যে কেৱল আঠিয়া কলৰ বাকলিহে ব্যৱহাৰ কৰা হয়।

    ছাল শোতোঁৰা পৰা সমস্যা– কণীৰ সৈতে কলৰ বাকলি ভালদৰে ফেটি লৈ মুখত সানিলে ছাল শোতোঁৰা পৰা সমস্যা বহুলাংশে হ্ৰাস কৰে।

    শালমন – কলৰ বাকলিৰ ভিতৰ অংশ সেই শালমন থকা ঠাইত ৩০ মিনিটৰ বাবে ব্যৱহাৰ কৰিলে উপকাৰী।

    দাগ– কলৰ বাকলিৰ ভিতৰ অংশ নিয়মিতভাৱে কিছুদিনলৈ শোৱাৰ সময়ত দাগৰ ওপৰত ঘহি থৈ পিছদিনা পুৱা ধুলে দাগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

    চকুৰ গুৰি কলা পৰা– কলৰ বাকলিৰ বগা অংশ আতৰ কৰি তাৰ সৈতে এলোভেৰাৰ জেল মিলাই ব্যৱহাৰ কৰিলে চকুৰ গুৰি কৰা পৰা সমস্যা সমাধান হয়।

    বগা দাঁত – দাঁত বগা কৰাৰ বাবেও কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। কলৰ বাকলি দাঁতত ঘহি ৫ মিনিট পিছত শুকান ব্ৰাছেৰে ঘহি ধুলে হালধীয়া পৰা সমস্যা আতৰে।

    শুকান তথা ৰুক্ষ চুলি – কলৰ বাকলি ভালদৰে ফেটি লৈ চুলিৰ গুৰিত ৩০ মিনিটৰ বাবে সানি থৈ ধুই দিয়ক। চুলিৰ ৰুক্ষতা আতৰ হব।

    খজুৱতি – খজুৱতি হোৱা ঠাইত কলৰ বাকলিৰ ভিতৰ অংশ ভালদৰে ঘহিলে খজুৱতি আতৰ হষ, লগতে ছালক আদ্ৰতা প্ৰদান কৰে।

    আৰু পঢ়ক : এটি চাউলত চিত্ৰ অংকন কৰি বিশেষ ৰেকৰ্ড কৰি নাম উজ্বলাবলৈ সক্ষম হ’ল ডিমৌৰ বাগ্মীতা…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং