বিয়েৰ খোৱা সকলৰ বাবে আহিছে ভাল খবৰ! গৱেষকৰ দাবী- নোখোৱা সকলৰ লোকচান

0
545
প্ৰতিনিধিত্বমূলক চিত্ৰ

‘সুৰা সেৱন স্বাস্থ্যৰ বাবে হানিকাৰক’, এই সাৱধাণবাণী হয়তো বহুতেই শুনিছে বা পঢ়িছে। বিশেষজ্ঞসকলৰ মতে, কম পৰিমাণে সুৰা সেৱন কৰিলে স্বাস্থ্যত কোনো প্ৰভাৱ নেপেলায়।

সুৰা কেইবাপ্ৰকাৰো আছে যেণে- হাৰ্ডড্ৰিংক, বিয়েৰ, জিন, ভোডকা আদি। অলপতে বৈজ্ঞানীকে বিয়েৰ সেৱন কৰা সকললৈ ভাল বতৰা লৈ আহিছে।

বৈজ্ঞানিকে দাবী কৰিছে যে নিয়মিত নিশা বিয়েৰ সেৱন কৰা সকলৰ ডিমেন্সিয়াৰ (স্মৃতি শক্তি হেৰুওৱা বা অন্য তেনে ধৰণৰ ৰোগ) ভয় কিছু পৰিমাণে কমি থাকিব। গৱেষণাত এই কথা পোহৰলৈ অহা বুলি জনাই বৈজ্ঞানিকে।

অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি অধিক মাত্ৰাত বিয়েৰ খোৱা আৰম্ভ কৰি দিব, কিয়নো কম পৰিমাণে সেৱন কৰিলেহে আপুনি লাভান্বিত হ’ব।

অষ্ট্ৰেলিয়াৰ গৱেষকসকলে ৬০ বছৰৰ ওপৰৰ ২৫ হাজাৰ লোকৰ মদ্যপানৰ অভ্যাস চাই গৱেষণা কৰিছিল। বিজ্ঞানীসকলে গৱেষণাত পাইছে যে যিসকল লোকে দিনটোত ৯৪৬ মিলিলিটাৰ বিয়েৰ খাই সেই লোকসকলৰ স্মৃতিশক্তি হেৰুৱাই পেলোৱাৰ সম্ভাৱনা এক তৃতীয়াংশ কম।

গৱেষণা অনুসৰি, বিয়েৰ খোৱা লোকসকলৰ তুলনাত নোখোৱা লোকসকলৰ মাজত ডিমেন্সিয়া হোৱাৰ ভয় পাঁচ গুণ অধিক। অৱশ্যে অধিক মাত্ৰাত সুৰা সেৱন কৰাসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয় বুলিও উল্লেখ কৰে।

বিদ্ৰ : (এই তথ্য গৱেষণাৰ ভিত্তিত দিয়া হৈছে। ইয়াৰ জৰিয়তে আমি বিয়েৰ খোৱাৰ পৰামৰ্শ প্ৰদান কৰা নাই)