26 C
Guwahati
Tuesday, September 27, 2022
More

    বজাৰত এযোৰ আজৱ জোতা ! যাৰ ভিতৰত সোমোৱাই নিব পাৰিব বিয়েৰ

    বজাৰত এযোৰ আজৱ জোতা ! যাৰ ভিতৰত সোমোৱাই নিব পাৰিব বিয়েৰ

    বিয়েৰ প্ৰস্তুত কৰা বিদেশী কোম্পানি হেইনেকেনে এজোৰ আজৱ নতুন জোতা বজাৰত মুকলি কৰিছে। বিদেশী সুৰা প্ৰস্তুত কৰা কোম্পানী হেনকেনে তেওঁলোকৰ ছিলভাৰ বিয়েৰক প্ৰচাৰৰ বাবে এই জোতাযোৰ প্ৰস্তুত কৰিছে।

    তেওঁলোকে জোতাযোৰৰ নাম দিছে হাইনেকিকচ। হেইনকেনৰ বটলৰ ৰং অনুসৰি এই জোতাবোৰ ডিজাইন কৰা হৈছে ।কোম্পানিটোৱে এনেকোৱা ৩২ যোৰা জোতা প্ৰস্তুত কৰিছে।

    এই জোতাযোৰ পিন্ধি যেতিয়াই মন যায় তেতিয়াই আপুনি খাব পাৰিব বিয়েৰ। কাৰণ এই জোতাযোৰত আপুনি বিয়েৰ ভৰাই লৈ যাব পাৰে ।

    আৰু মন গ’লেই উলিয়াই খাবও পাৰে। হেইনেকেনে তেওঁলোকৰ টুইটাৰ হেণ্ডেলত এই কথা শ্বেয়াৰ কৰিছে। কোম্পানিটোৰ কৰ্তৃপক্ষই জনাই যে হেইনেকিকচ জোতাযোৰ আপোনাৰ দৈনন্দিন ব্যৱহাৰৰ বাবে নহয়।

    হেইনেকেনে তেওঁলোকৰ ছিলভাৰ বিয়েৰক প্ৰচাৰ কৰিবৰ বাবে বিখ্যাত জোতা ডিজাইনাৰ ডমিনিক ছিয়ামব্ৰোনৰ সহায়ত এই জোতাযোৰ ডিজাইন কৰিছে।

    এই জোতাযোৰে কেৱল ছিলভাৰ বিয়েৰক প্ৰচাৰে নকৰে সেই বিয়েৰক লগত লৈ ফুৰিব পাৰিব। ডিজাইনাৰ ডমিনিক ছিয়ামব্ৰোনে কয় যে এই ধৰণৰ জোতা প্ৰথমবাৰলৈ ডিজাইন কৰিছে য’ত বিয়েৰ সোমোই থাকিব।

    এই জোতাযোৰ ৰঙা আৰু সেউজীয়া ৰঙত উপলব্ধ হ’ব। ইয়াৰ ছোলটোত বিয়েৰ সোমাই থাকিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং