‘গৰু মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য’-নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপি প্ৰাৰ্থীৰ বিতৰ্কিত মন্তব্য

0
507
‘গৰু মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য’-নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপি প্ৰাৰ্থীৰ বিতৰ্কিত মন্তব্য

‘গৰু মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য’-নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপি প্ৰাৰ্থীৰ বিতৰ্কিত মন্তব্য

ৰাজ্যত নিৰ্বাচনী বতাহ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাথো কেইটামান দিন। কিন্তু ইয়াৰ মাজতেই নিজৰ অদ্ভুত মন্তব্যক লৈ ৰাইজৰ ৰোষত পৰিল এজন বিজেপি নেতা।

বিজেপিৰ গৌৰীপুৰ সমষ্টিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেই গৰু মাংস ভাৰতৰ ৰাষ্ট্ৰী খাদ্য বুলি মন্তব্য প্ৰকাশ কৰাৰ পিছতেই ব্যাপক চৰ্চা লাভ কৰে।লগতে মুছাহাৰীয়ে কৈছিল যে-‘গৰু মাংস কেনকৈ নিষিদ্ধ হ’ব পাৰে?গৰু মাংস ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য। এইটো মাংসক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যৱহাৰ হয়। কোনেও গৰু মাংস নিষিদ্ধ কৰিব নোৱাৰে।’

মঙলবাৰে পূৰ্বাঞ্চল হিন্দু ঐক্য মঞ্চয়ে প্ৰাথীজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে এই মন্তব্যই এচাম মানুহক বিপথে পৰিচালিত কৰাৰ উপৰিও ৰাজ্যত বলৱৎ কৰা নিৰ্বাচনী বিধি উলংঘন কৰিছে।

ৰাজ্যত নিৰ্বাচনী বিধি বলৱৎ হৈ থকাৰ সময়ত কেনেদৰে এজন প্ৰাৰ্থীয়ে একাংশ ভোটাৰক আকৰ্ষণ কৰাৰ স্বাৰ্থত এটা জাতিক আঘাত কৰি সাম্প্ৰদায়িক মন্তব্য কৰিব পাৰে। মঞ্চই মুছাহাৰীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ উপৰিও নিৰ্বাচনী আয়োগক নিৰ্বাচনী বিধি উলংঘন কৰা আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এই মন্তব্য সন্দৰ্ভত কঠোৰ শাস্তি বিহিবলৈ দাবী কৰে।

এই মন্তব্যৰ সন্দৰ্ভত মঞ্চৰ সভাপতি লিমা মহন্তই কয়-‘তেওঁৰ মগজুৱে কাম কৰা নাই।তেওঁ এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিলেও আমি তেওঁৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাটো বিচাৰো।’

আৰু পঢ়ক : বাংলাদেশৰ ৰোহিংগিয়া শিৱিৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৫ জন লোকৰ মৃত্যু