29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ৰ পয়ালগা অৱস্থা: নাই চিকিৎসক নাই এম্বুলেঞ্চ…

    চিকিৎসক,ফাৰ্মাচিষ্ট, এম্বুলেন্স চালক আৰু চকীদাৰ নোহোৱাকৈ চলিছে বেবেজীয়া ৰাজ্যিক চিকিৎসালয় । ঢকুৱাখনা সমষ্টিৰ বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ-মৰনৈ, বৰ্ষামুখ,সোৱণশিৰি,আৰু ঘূনাসূঁতিৰ এই চাৰিখন পঞ্চায়তৰ প্ৰায় ৬০ খনৰো অধিক গাঁৱৰ ৰাইজৰ চিকিৎসা সেৱাৰ একমাত্ৰ ভৰষাৰ স্থলী বেবেজীয়া ৰাজ্যিক চিকিৎসালয়। কিন্তু এই চিকিৎসালয়ৰ পয়ালগা অৱস্থা।

    ১৯৬৮ চনতে স্থাপিত ঢকুৱাখনা মহকুমাৰ এখন অতি পুৰণি চিকিৎসালয়। বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ত বিগত দুই তিনিমাহ ধৰি নাই এজনো চিকিৎসক,নাই ফাৰ্মাচিষ্ট, চকীদাৰ আৰু এম্বুলেন্সৰ চালক।

    ফলত ৪ খন পঞ্চায়তৰ ৬০ খনৰো অধিক গাঁৱৰ ৰাইজ এই কভিড’ পৰিৱেশৰ মাজতো বঞ্চিত হৈছে চিকিৎসা সেৱা লাভৰ পৰা। চিকিৎসালয় খনৰ চৌহদত চিকিৎসক, চিকিৎসা কৰ্মী থাকিব পৰাকৈ পাঁচটা কোৱাটাৰ আছে, যদিও নাথাকে কোনো এজন কৰ্মচাৰী। ফলত হাবি জংঘলেৰে বেৰি জহি-খহি গৈছে।

    ইফালে ৰোগীৰ সহায়ৰ বাবে থকা একমাত্র এম্বুলেন্সখনো দীৰ্ঘদিনে পৰি আছে অচল হৈ চালক আৰু মেৰামতিৰ অভাৱত। বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৰাইজে নতুন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীজনক বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ৰ সমস্যাবোৰ দূৰ কৰিবলৈ আহ্বান জনাইছে।

    ইনপুট: জিন্টু কোঁচ।

    আৰু পঢ়ক : সান্ধ্য আইন ভংগ কৰি নিশা ১২ বজাত চেলুনত গৈ দাড়ি কটাত ব্যস্ত বিধায়ক জয়ন্ত মল্ল বৰুৱা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং