33 C
Guwahati
Monday, September 26, 2022
More

    ৰঙা জবাৰ আছে বহু গুণ, সৌন্দৰ্যৰ লগতে মহিলাৰ মাহেকীয়া সমস্যাৰো মহৌষধ

    ৰঙা জবাৰ আছে বহু গুণ, সৌন্দৰ্যৰ লগতে মহিলাৰ মাহেকীয়া সমস্যাৰো মহৌষধ

    সুগন্ধি নাথাকিলেও দেখিবলৈ অতিকে সুন্দৰ জবা ফুলৰ আছে বহু ঔষধি গুণ। সৌন্দৰ্য চৰ্চাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী জবা ফুল আৰু জবা ফুলৰ পাত।

    হিন্দু ধৰ্মাৱলম্বী লোকে এই ফুল কালিপূজা বা শক্তিপূজা আৰু গণেশ পূজাত বিশেষকৈ ব্যবহাৰ কৰা দেখা যায়। মালয়েছিয়াত জবা জাতীয় ফুল।

    বহু কেইবিধ ৰঙত আৰু প্ৰকাৰত উপলব্ধ এই জবা ফুলৰ গছ সহজতে গজি উঠে। প্ৰকাৰ যিমানেই নাথাকক কিয় সকলোৰে ভিতৰত ৰঙা জবাৰ ঔষধীয় গুণ সবাতোকৈ অধিক।

    জবা ফুল চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মহৌষধ হোৱাৰ লগতে মহিলাৰ মাহেকীয়া সমস্যাতো সহায়ক। জবাফুল, পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ হয়।

    উষ্ণবীৰ্য, কফ, গেছৰ সমস্যা, ইন্দ্ৰলুপ্ত (টাক পৰা) ৰোগত লাভ দায়ক এই ৰঙা জবা। ফুলৰ ক্বাথ চৰবতৰ লগত পান কৰিলে জ্বৰ আৰু কাহ উপসম হয়। কৃমি নাশ কৰাটো লাভদায়ক জবা ফুলৰ চৰবত।

    জবা ফুলৰ ৰসৰ পৰা জবাকুসুম তেলো বনোৱা হয়। এই তেল চুলিত ব্যবহাৰ কৰিলে, চুলি সৰা বন্ধ হয় আৰু চুলি কলা হয়।

    মহিলাৰ মাহেকীয়া অনিয়মিত হ’লে, পেট বিষ, বেছি ৰক্তক্ষৰণ, অল্প ঋতুস্রাবজনীত ইত্যাদি সমস্যা নাশ কৰাত জবা বহু উপকাৰী। পুৱা খালী পেটত ৪-৫ পাহমান জবাফুল পিহি কেইদিনমান খালে ৰোগ নিৰাময় হয়।

    জবা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে ।মাজে মাজে জবা ফুলৰ চাহ বনাই খাব লাগে ।

    এটা নির্দিষ্ট বয়সত প্ৰায় সকলো মানুহৰ শালমইনা হয়। জবা ফুলত এন্টি-ইনফ্লামেটৰি আৰু ভিটামিন চি থাকে যিয়ে শালমইনা দূৰ কৰাত বহুত সহায় কৰে ।

    কেতিয়াবা বদ হজমৰ কাৰণে বমিভাব আহে। তেতিয়া জবা ফুলৰ ৰেণু পানীত মিহলাই খালে বমি হয় আৰু আৰাম পোৱা যায়।

    গ্রহণী ৰোগত জবা ফুলৰ কলি ২-৩ টামান পিহি খালে ৰোগ সোনকালে ভাল হয়।

    জবা ফুল খালে সাধাৰণ ঠাণ্ডা লগা , ডিঙিৰ বিষ, মুৰৰ বিষ দূৰ হয় । কাৰণ জবা ফুলত যঠেষ্ট পৰিমাণে ভিটামিন চি থাকে।

    মূৰৰ চুলি পাতল হ’লে জবা ফুলৰ পাত ১০-১২ টা পিহি মূৰত লগাই দুঘণ্টামান পাছত ধুই দিব লাগে। এনেদৰে এমাহমান কৰিলে চুলি গজে।

    জবা ফুল পিহি নাৰিকল তেলৰ লগত মিহলাই চুলিত সানিলে চুলি উজ্জ্বল আৰু ক’লা হয়।

    চুলি পকিলে জবা ফুল আৰু আমলখি একেলগে পিহি মূৰত লগালে চুলি পকা কমে আৰু চুলি সৰাও বন্ধ হয়।

    শৰীৰত পানীৰ পৰিমাণ কম বা বেছি হলে বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হয়। জবা ফুল নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয় ফলত কোনো ৰোগে সহজে আক্রমণ কৰিব নোৱাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং