24.2 C
Guwahati
Saturday, September 18, 2021
More

    ফুৰিবলৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে নেকি, এইখন অসমতে পাব সুকিয়া মাদকতা…যাব পাৰে এই ঠাইলৈ

    ফুৰিবলৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে নেকি, এইখন অসমতে পাব সুকিয়া মাদকতা…যাব পাৰে এই ঠাইলৈ

    ফুৰিবলৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে নেকি, এইখন অসমতে পাব সুকিয়া মাদকতা…যাব পাৰে এই ঠাইলৈ। প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত বোকাখাত আৰু কাৰ্বিআংলং সীমা মুৰীয়া ঠাইত অৱস্থিত কাকচাং(কাইফলাংছোঁ) জলপ্ৰপাত।

    অবিৰত গতিত নামি অহা জলৰাশীয়ে সৃষ্টি কৰিছে এক অনুপম সৌন্দৰ্য। কিন্তু চাৰিওফালে কাল কৰণাই স্তব্ধ কৰি ৰাখিছে পৃথিৱী। বন্ধ হৈ ৰ’ব লগীয়া হৈছে বিভিন্নখন পৰ্যটন স্থলীও।

    তেনে স্থলতো প্ৰকৃতিৰ বিনন্দীয়া ৰূপক ধৰি ৰাখে কোনে। প্ৰকৃতিয়ে যেন নিজই নিজৰ সৌন্দৰ্যতাক নিজৰ মাজতে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে । প্ৰকৃতিগত ভাৱে সৃষ্টি এই জলপ্ৰপাতে প্ৰাকৃতিকভাবে মহিমা মণ্ডিত হৈ নিতৌ মানুহৰ মন-প্ৰাণ আকৰ্ষিত, পুলকিত আৰু ৰোমাঞ্চিত কৰি আহিছে।

    বহুদিন ধৰি জনচক্ষুৰ আঁৰতে থকা এই কাকচাং জলপ্ৰপাততৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ অহাৰ লগতে জলকেলি কৰিবলৈ বহু প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ আগমন ঘটে।

    কিন্তু কাল কৰণাৰ অত্যাচাৰৰ বাবেই এতিয়া পৰ্যটকৰ বাবে বন্ধ কৰি ৰাখিব লগীয়া হৈছে কাকচাং জলপ্ৰপাতটো। লক্ষ্যণীয় যে বাট পথাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিছে যদিও উপযুক্ত ভাবে বৰ্তমানেও পৰ্য্যটন ক্ষেত্ৰতলৈ ৰূপান্তৰিত কৰিব পৰা নাই এই জলপ্ৰপাত।

    পৰবৰ্তী সময়ত চৰকাৰে গুৰুত্ব দি কাকচাঙৰ সৌন্দৰ্য্য বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দি পূৰ্ণ পৰ্যায়ৰ পৰ্যটন থলিলৈ পৰিৱৰ্তন কৰিলে ৰাজহ সংগ্ৰহৰ লগতে যথেষ্ট পৰ্যটকৰ আগমন ঘটিব।

    Input-Photo-Video- Poppy Saikia

    আৰু পঢ়ক : অত্যাচাৰী শহুৰৰ পৰিয়াল! জোৰ কৈ বিহ খুৱায়, যৌনাংগত জলকীয়া ভৰায়, মৃত্যুৰ পূৰ্বে বোৱাৰীয়ে ভিডিঅ’ কৰি কৈ গল সকলো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং