‘অভিনেতা বহুত হ’ল, এইবাৰ অভিনেত্ৰীৰ পাল’ – বিয়েৰ গ্ৰীলছৰ সৈতে এইবাৰ দেখা যাব প্ৰিয়ংকা চোপ্ৰাক
‘দুঃসাহসিক কাম কেৱল পুৰুষেই কৰিব পাৰে, সুন্দৰী যুৱতীয়ে পইতাচোৰা দেখিলেও জপিয়াই উঠে। ‘ এনে ধৰণৰ কতাকে8ভুল প্ৰমাণিত কৰিবৰ বাবে এইবাৰ আহি আছে বলীউডৰ লগতে হলীউডতো নাম কৰা প্ৰাক্তন বিশ্ব সুন্দৰী প্ৰিয়ংকা চোপ্ৰা।
অক্ষয় কুমাৰ, ৰনবীৰ সিং, ৰজনীকান্তৰ পাছত এইবাৰ দুঃসাহসিক কাৰ্যৰ বাবে নাম থকা বিয়েৰ গ্ৰীলছৰ সৈতে দেখা পোৱা যাব মোহময়ী অভিনেত্ৰীগৰাকীক।
বিয়েৰ গ্ৰীলছে এক সাক্ষাৎকাৰত নিজেই এই বিষয়ে সদৰি কৰিছে। ভাৰতীয় তাৰকাৰ প্ৰতি এক বিশেষ আকৰ্ষণ থকা বিয়েৰ গ্ৰীলছক সোধা হৈছিল অভিনেত্ৰীৰ ক্ষেত্ৰত কি চিন্তা।
তেতিয়াই তেখেতে কৈ উঠে ‘এয়া নিশ্চয়কৈ হব, অতি সোনকালেই হব’। উল্লেখ্য যে, বিয়েৰ গ্ৰীলছৰ প্ৰিয় অভিনেত্ৰী সকলৰ ভিতৰত প্ৰিয়ংকা অন্যতম।
প্ৰিংয়কাৰ সৈতে দুঃসাহসিক কাম কাম কৰিবলৈ বিয়েৰ গ্ৰীলছেও অধীৰ আগ্ৰহেৰে বাট চাইছে। পূৰ্বে এবাৰ নীক ডোনাছৰ সৈতেও এই ধৰণৰ দুঃসাহসিক যাত্ৰা কৰিছে বিয়েৰে।
অৱশ্যে বৰ্তমানলৈ প্ৰিয়ংকাৰ সৈতে বিয়েৰৰ এই দুঃসাহসিক যাত্ৰা চূড়ান্ত হোৱা নাই। বিয়েৰ গ্ৰীলছে কেৱল এক সাক্ষাতত হে এই বিষয়ে জানিবলৈ দিয়ে।