কাজিৰঙাৰ ৰাজপথৰ দাঁতিত বাহন ৰখাওঁতে সাৱধান, অন্যথা ভৰিব লাগিল জৰিমনা…

0
310
file photo

কাজিৰঙাৰ ৰাজপথৰ দাঁতিত বাহন ৰখাওঁতে সাৱধান, অন্যথা ভৰিব লাগিল জৰিমনা…

এতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজপথত বাহন ৰখাওতে সাৱধান।কাৰণ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা কাজিৰঙাৰ ৰাজপথৰ য’তে ত’তে কোনো ধৰণৰ যান বাহন ৰখাব নোৱাৰিব।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এই নিৰ্দেশনা অৱমাননা কৰি কাজিৰঙাৰ ৰাজপথৰ No Parking ত বাহন ৰখালে ভৰিব লাগিব জৰিমনা।

উল্লেখ যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯টা এনিমেল কৰিড’ৰত যান-বাহন ৰখোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কাজিৰঙাৰ ৰাজপথত যান বাহন চলোৱাৰ ক্ষেত্ৰত একাধিক নিৰ্দেশনা জাৰি কৰিছে।

কাজিৰঙাৰ ৰাজপথত দ্রুত গতিত বাহন চলোৱা সকলৰ বিৰুদ্ধে গোলাঘাট আৰু নগাঁও জিলা পৰিবহন বিভাগ সষ্টম হৈ থকাৰ লগতে দ্ৰুতবেগী বাহন সমূহক জৰিমনা বিহী আহিছে। সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে ঠায়ে ঠায়ে NO PARKING ৰো ব্যবস্থা কৰিছে।

কাজিৰঙাৰ এনিমেল কৰিড’ৰত বাহন ৰখাই বন্যপ্ৰাণী অহা যোৱাত যাতে বাধাৰ সৃষ্টি নকৰে তাৰ বাবে Interceptor বাহন সমুহো ৰাখিছে। যাৰ জৰিয়তে পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে দিনে নিশাই কৰ্তব্য সম্পাদন কৰাৰ কথা জানিবলৈ দিয়ে গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ বিষয়া ৰিকৰঞ্জন দাসে।

বিষয়া গৰাকীয়ে জনোৱা মতে, কোনো লোকে যদি No Parking অঞ্চলত বাহন ৰখাই তেনেহলে প্ৰথম অৱস্থাত তেওঁলোকক আঁতৰি যাবলৈ আহ্বান জনোৱা হ’ব।কিন্তু সেই আহ্বানক যদি কোনো বাহনে অৱমাননা কৰে তেনেহলে তেওঁলোকক ২০০০ টকাৰ জৰিমনা বিহা হ’ব। ইতিমধ্যে কেইবাখনো বাহনক জৰিমনা বিহা হৈছে বুলি জানিবলৈ দিয়ে বিষয়গৰাকীয়ে।

আনহাতে, কাজিৰঙাৰ ৰাজপথৰ দাঁতিত থকা লাইন ধাবা সমূহত গধুৰ যান বাহন ৰখোৱাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধাবা সমূহত ৰখোৱা বাহন সমূহৰ পৰা ৰাষ্ট্ৰীয় উদ্যান খনৰ জলাশয় সমূহ প্ৰদূষণ হোৱাৰ আশংকা কৰিয়েই জিলা পৰিবহণ বিভাগে এই নিষেধাজ্ঞা জাৰি কৰিছে।
Input- কিষাণ ছেত্ৰী