পৰৱৰ্তী বিশ্বকাপত দেখা নাপাব বহু কেইগৰাকী তাৰকা ভাৰতীয় ক্ৰিকেটাৰক!

0
4821
প্ৰতিনিধিত্বমূলক চিত্ৰ

সদ্য সমাপ্ত টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছৰে পৰা দলৰ বহু তাৰকা খেলুৱৈৰ ফৰ্ম তথা প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

সুনীল গাভাস্কাৰ, হৰভজন সিঙৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে ৰোহিত শৰ্মাৰ অধিনায়কত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিবলৈ দাবী জনাইছিল।

এইধৰণৰ দাবীৰ মাজতে টি-২০ বিশ্বকাপত পৰাজয়ৰ পিছত বিচিচিআইয়ে এটা ডাঙৰ সিদ্ধান্ত লৈ বাছনি সমিতিখন ভংগ কৰিছিল। এতিয়া বিচিচিআইয়ে বহু কেইগৰাকী জ্যেষ্ঠ খেলুৱৈৰ সন্দৰ্ভতো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।

বিচিচিআইৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতিৰে হিন্দুস্তান টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৪ চনত টি-২০ বিশ্বকাপত অনুৰাগীয়ে সম্পূৰ্ণ নতুন দল দেখিব। একে সময়তে প্ৰতিবেদনত আৰু কোৱা হৈছে যে টি-২০ দলৰ অধিনায়ক পদৰ বাবে হাৰ্দিক পাণ্ডিয়া প্ৰথম পছন্দ।

উল্লেখ্য যে বি চি চি আইয়ে কেতিয়াও কোনো খেলুৱৈক অৱসৰ ল’বলৈ নিদিয়ে। কাৰণ ই এক ব্যক্তিগত সিদ্ধান্ত। কিন্তু ২০২৩ চনত মাত্ৰ কেইখনমানহে টি-২০ মেচ অনুষ্ঠিত হ’ব, বেছিভাগ ছিনিয়ৰে এদিনীয়া আৰু টেষ্ট মেচত গুৰুত্ব দিব।

উল্লেখনীয় যে টি-২০ বিশ্বকাপত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে ভাল প্ৰদৰ্শনত ব্যৰ্থ হৈছে। দুয়োগৰাকী বেটছমেনে ভাৰতক শক্তিশালী আৰম্ভণি দিয়াত দুৰ্ভাগ্যজনকভাৱে বিসফল হৈছে। আনহাতে দীনেশ কাৰ্তিকৰ বয়স ৩৭ বছৰ আৰু বিচিচিআইয়ে নিউজিলেণ্ড ভ্ৰমণতো তেওঁক স্থান দিয়া নাই। ৰবিচন্দ্ৰন অশ্বিনৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা বছৰ বেছিভাগ জ্যেষ্ঠ খেলুৱৈয়ে টি-২০ত খেলা দেখা নাপাব।