33 C
Guwahati
Monday, September 26, 2022
More

    স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো মহৌষধ তেজপাত তথা মাহপাত

    স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো মহৌষধ তেজপাত তথা মাহপাত

    ৰান্ধোতাই ৰান্ধে, বিলোতাই বিলাই, খাওঁতাই কিন্তু নাখাই পেলাই দিয়ে। সেই তেজপাত বা মাহপাত হৈছে অতিকে মহৌষধৰে ভৰা। স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাটো অতিকে উপকাৰী এই সুগন্ধিৰে ভৰা পাত।

    অসমীয়া সমাজত পায়স, মাংস, তৰকাৰী, চাহ আদি বনাওঁতে সততে ব্যৱহাৰ হোৱা এইবিধ পাত কিন্তু ডায়েবেটিজ বা মধুমেহ ৰোগীৰ বাবে অতিকে উপকাৰী। টাইপ ২ ডায়েবেটিজ ৰোগীৰ বাবে লাভদায়ক এই তেজপাত। ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। হৃদ ৰোগীৰ বাবেও লাভদায়ক।

    এই তেজপাতত ভিটামিন এ আৰু ভিটামিন চি পোৱা যায়। ভিটামিন এ-ৰ ফলত চকুৰ সমস্যা দূৰ হয় লগতে ভিটামিনচি-ৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

    পাছে সৌন্দৰ্য চৰ্চাটো অতি উপকাৰী এই মাহপাত বা তেজপাত। ছাল-চুলি দুয়োবিধতে ভাল ফল দিয়ে এই সুগন্ধি যুক্ত পাতে।

    সৌন্দৰ্য চৰ্চা

    তেজ পাতৰ ৰস মিহলোৱা পানীৰ গা ধুলে ছালৰ বিভিন্ন ৰোগ , ছালত হোৱা খজুৱতি ,ছাল ৰঙা পৰা , ছালত হোৱা ফোহা আদি নিৰাময় হয়। তেজপাতৰ ৰস ছালত ১০ মিনিট সময় প্ৰলেপ দি পিছত ঠাণ্ডা পানীৰে ধুলে ছালৰ ৰং বগা হয়।

    তেজপাত এমুঠি ভালদৰে ধুই সৰু সৰু কৈ কাটি প্ৰায় ৩০০ মিলি লিটাৰ পানীত ৰাতি তিয়াই থব লাগে। পুৱা তেজপাত খিনি খুন্দি পানীৰ সৈতে চেকিলৈ দিনটোত এবাৰ খাব লাগে। এনেদৰে সপ্তাহত এবাৰ কৈ তেজপাতৰ ৰস খালে ছাল উজ্বল আৰু নিমজ হয়।

    তেজপাত দুমুঠি খুন্দি লৈ ২ লিটাৰ পানীত উতলাব লাগে । যেতিয়া পানী খিনি শুকাই ১ লিটাৰ হয় , তেতিয়া পানী খিনি নমাই থব লাগে। এই ১ লিটাৰ পানী ১০ লিটাৰ পানীৰ লগত মিশ্ৰণ কৰি গা ধুলে , গৰমৰ দিনত শৰীৰৰ পৰা ওলোৱা ঘামৰ গোন্ধ নোহোৱা হয় আৰু মন প্ৰফুল্লিত হয়।

    মুখত শালমইনা হ’লে — ২ চামুচ তেজপাতৰ ৰস , ২ চামুচ তুলসীৰ ৰস , ২ চামুচ পদিনাৰ ৰস , ২ চামুচ মহানিমৰ ৰস মিশ্ৰণ কৰি লগালে শালমইনা ভাল হয়। এনেদৰে কেইদিন মান কৰাৰ পাছত মুখত শালমইনা ওলোৱা বন্ধ হয় আৰু ক’লা দাগ নোহোৱা হয়।

    বাহিৰত বেছিকৈ ঘুৰি ফুৰিলে ছাল ৰদত পুৰে। তেজ পাতৰ ৰস আৰু পদিনাৰ ৰস মিশ্ৰণ কৰি ছালত লগালে , ৰদে পুৰা ছাল ভাল হয় আৰু ছাল নিমজ হয়।

    গৰম দিনত আমাৰ বহুতৰে ঘামচি ওলায়। তেজপাত সিজোৱা পানীৰে গা ধুলে ঘামচিৰ পৰা সকাহ পাব পাৰি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং