26 C
Guwahati
Tuesday, September 27, 2022
More

    আৰক্ষীৰ পৰা পলাই থকা বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা কাণ্ডৰ আন এক মুল অভিযুক্ত গ্ৰেপ্তাৰ

    আৰক্ষীৰ পৰা পলাই থকা বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা কাণ্ডৰ আন এক মুল অভিযুক্ত গ্ৰেপ্তাৰ। মুল অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষী।

    নগাঁও আৰু মৰিগাঁও জিলা আৰক্ষীৰ যৌথ অভিযানত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা ইটা ভাটাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ছফিকুল ইছলামক ।

    মৈৰাবাৰীৰ আকাশ আলী নামৰ এজন ব্যক্তিৰ ইটা ভাটা শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা অৱস্থাতে নিশা গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলামক ।

    দীৰ্ঘ দিন ধৰি পলাতক অবস্থাত থকা ছফিকুল ইছলামে প্ৰেট্ৰল ঢালি জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা ।

    যোৱা ২১ মে’ত বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাত অভিয়ুক্ত কৰা মুঠ ২৫ জন অভিয়ুক্তৰ ভিতৰত বৰ্তমানলৈ ১৩ জনহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে ৷

    ইয়াৰ ভিতৰত অন্যতম মুল অভিযুক্ত আছিকুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে গাড়ীৰ চেপাত মৃত্যু হৈছিল ৷

    বৰ্তমানে পলাতক হৈ থকা বটদ্ৰৱা কাণ্ডৰ আন ১২ জন অভিযুক্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে। এতিয়াও পলাতক হৈ আছে আৰক্ষী থানাত অগ্নি সংযোগ কৰা মাজিদা খাতুন নামৰ মহিলা গৰাকী।

    Input and Photo – Hemen Raja

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং