বৰ্ষাশ্ৰীৰ পৰীক্ষা সন্দৰ্ভত আদালতৰ বিশেষ ৰায়- কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী লগতে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্তই লব নোৱাৰিব পৰীক্ষা

0
2705
বৰ্ষাশ্ৰী

বৰ্ষাশ্ৰীৰ পৰীক্ষা সন্দৰ্ভত আদালতৰ বিশেষ ৰায়- কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী লগতে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্তই লব নোৱাৰিব পৰীক্ষা

১৮ জুলাই সোমবাৰে গোলাঘাট জিলাৰ সত্ৰ আদালতে শুকুৰবাৰে দিয়া আদালতৰ পূৰ্বৰ আদেশ উলংঘা কৰা যোৰহাটৰ ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে। ন্যায়িক প্ৰক্ৰিয়াক ইচ্ছাকৃতভাৱে অপমান কৰাৰ বাবে অধ্যক্ষৰ বিৰুদ্ধে কিয় প্ৰয়োজনীয় অপৰাধমূলক প্ৰক্ৰিয়া আৰম্ভ কৰা নহ’ব বুলি সুধি এই কাৰণ দৰ্শোৱা জাননী।

সামাজিক মাধ্যমত কবিতা লিখি ৰাষ্ট্ৰদ্ৰোহ কৰা বুলি বিগত দুটা মাহ ধৰি কাৰাগাৰৰ ভিতৰত থকা বৰ্ষাশ্ৰীৰ পৰীক্ষা সন্দৰ্ভত গোলাঘাট আদালতৰ আজি বিশেষ ৰায়। উপাযুক্তই নিয়োগ কৰা পৰীক্ষকক খাৰিজ। লগতে বৰ্ষাশ্ৰীৰ কলেজৰ অধ্যক্ষলৈ জাননী।

দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অংক বিভাগৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ সন্দৰ্ভত এইবাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জানীন জাৰি কৰিলে গোলাঘাট সত্ৰ ন্যায়ালয়ে।

কিয়নো ১৬ জুলাই তাৰিখে অনুষ্ঠিত হোৱা স্নাতক দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষা বৰ্ষাশ্ৰীয়ে গোলাঘাটৰ কাৰাগাৰৰ ভিতৰৰ পৰাই দিয়ে। কাৰাগাৰৰ এটা সুকীয়া কোঠাত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিছিল কাৰাগাৰ কৰ্তৃপক্ষই।

ন্যায়ালয়ে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশ দিয়াৰ পিছতে কাৰাগাৰৰ ভিতৰত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। মহাবিদ্যালয়ৰ পৰা পৰীক্ষাৰ কাকত আনি জিলা উপায়ুক্তই নিয়োগ কৰা অতিৰিক্ত উপায়ুক্ত অম্লান ফুকনৰ সন্মুখত কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহিছিল বৰ্ষাশ্ৰী।

কিন্তু সেই কাৰ্যতে আপত্তি দৰ্শাই ন্যায়ালয়। ন্যায়ালয়ে বৰ্ষাশ্ৰীক বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল মহাবিদ্যালয়ৰ অধ্যক্ষক। কিন্ত বিশ্ববিদ্যালয়ৰ নিয়মৰ সলনি কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহে ছাত্ৰীগৰাকী।

সেয়ে ন্যায়ালয়ে জিলা উপায়ুক্তই নিয়োগ কৰা নীৰিক্ষকক খাৰিজ কৰাৰ লগতে এগৰাকী নতুন নীৰিক্ষক তথা ডি চি বি কেলেজৰেই এগৰাকী প্ৰবক্তাক নীৰিক্ষকৰ দায়িত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

আনহাতে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ যো জা আৰম্ভ হৈছে বৰ্ষাশ্ৰীৰ। বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়াত অভিভাৱকৰ দায়িত্ব লোৱাৰ আশ্বাস দিছে অসম আৰক্ষীয়ে।

কেৱল মাত্ৰ এতিয়া পৰিয়ালৰ লিখিত undertaking পালেই জেলৰ পৰা ওলাব মেধাৱী ছাত্ৰীগৰাকী ।

উল্লেখ্য যে,  ছাত্ৰীগৰাকীৰ মুক্তি প্ৰক্ৰিয়াত পৰিয়ালৰে ইতিবাচক সঁহাৰি লাভ কৰিছে অসম আৰক্ষীয়ে। অতি শীঘ্ৰেই বৰ্ষাশ্ৰী মুকলি আকাশৰ তললৈ আহিব বুলি আশ্বাস অসম আৰক্ষীৰ।