ৰাজনীতিত যোগদান কৰিব নেকি বৰষাৰাণী বিষয়াই! কোন দল আৰু কোন সমষ্টিৰ প্ৰাৰ্থী হৈ নিৰ্বাচন বৰষাৰাণী বিষয়া খেলিব…

0
1938

ৰাজনীতিলৈ বৰষাৰাণী বিষয়া! কোন দল আৰু কোন সমষ্টিৰ প্ৰাৰ্থী হৈ নিৰ্বাচন বৰষাৰাণী বিষয়া খেলিব…

এতিয়া বৰষাৰাণী বিষয়াক কেন্দ্ৰ কৰি ৰাজনীতিত কিছু চৰ্চা৷ অভিনেত্ৰীগৰাকী ২০২৪ৰ লোকসভা নিৰ্বাচনত গুৱাহাটীৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷

কংগ্ৰেছেহে অভিনেত্ৰীগৰাকীক প্ৰক্ষেপ কৰিব বিচাৰিছে সংসদীয় সমষ্টিটোত৷ সূত্ৰ অনুসৰি, যদি গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাৰ ঠাইত আঙুৰলতা ডেকাক প্ৰক্ষেপ কৰে, তেন্তে কংগ্ৰেছে বৰষাৰাণী বিষয়াক প্ৰক্ষেপ কৰি সমষ্টিটো দখলৰ বাবে কৌশল ৰচনা কৰিছে৷

জানিব পৰা অনুসৰি, কংগ্ৰেছৰ ফালৰ পৰা সন্মতি বিচৰা হৈছে যদিও অভিনেত্ৰী বৰষাৰাণীয়ে এতিয়ালৈ সন্মতি দিয়া নাই কংগ্ৰেছক৷ কিন্তু ৰাজনীতিলৈ অহাৰ সন্মতি দিব নে নাই বৰষাৰাণী বিষয়াই সেয়া নিৰ্ভৰ কৰিব সময়ৰ ওপৰতহে৷