
অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ। এইবাৰ গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ। ইতিমধ্যে এই সন্দৰ্ভত চূড়ান্ত হৈছে কথা-বতৰা।
লাভ কৰা তথ্য অনুসৰি, নতুন বছৰ অৰ্থাত ২০২৩ বৰ্ষৰ জানুৱাৰি মাহৰ দ্বিতীয় সপ্তাহ (১২ জানুৱাৰি)ত গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া মেচখন।
উল্লেখ্য যে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাই জানুৱাৰি মাহত এদিনীয়া শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব।
এই মেচখন সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও জানুৱাৰি মাহৰ প্ৰথম সপ্তাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ এটা প্ৰতিনিধি দল গুৱাহাটীলৈ আহি ষ্টেডিয়ামখন পৰ্যবেক্ষণ কৰিব।
বি চি চি আই দলটো গুৱাহাটীলৈ অহাৰ পিছতহে ভাৰত-শ্ৰীলংকাৰ মাজৰ এদিনীয়া মেচখন গুৱাহাটীত অনুষ্ঠিত হ’ব নে নহয় সেয়া চূড়ান্ত হ’ব।
ইফালে, অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা মেচখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
উল্লেখ্য যে, বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত চলিত বছৰৰ ২ অক্টোবৰত অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ মেচ।