পিতৃৰ কামনাৰ বলি নাবালিকা! ৰফিকুলে স্বীকাৰ কৰিলে লকডাউনৰ সময়ৰ পৰাই ধৰ্ষণ কৰাৰ কথা
বৰপেটা জিলাৰ হাউলী চহৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷
সতীয়া পিতৃৰ হাতত ধৰ্ষিতা নাবালিকা কন্যা ৷
বৰপেটা জিলাৰ হাউলী চহৰৰ ৪(চাৰি)নং ৱাৰ্ডত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা ৷
পাষাণ পিতৃৰ নাম ৰফিকুল ইছলাম (৪৮) ৷
প্ৰায় দহ বছৰ পূৰ্বে দ্বিতীয় বিবাহ কৰিছিল ৰফিকুল ইছলাম নামৰ লোকজনে ৷
পূৰ্বে বিবাহিত দ্বিতীয় পত্নীৰ সৈতে আছিল এটি তিনি বছৰীয়া কন্যা ৷
দ্বিতীয় পত্নীৰ সৈতে অহা নাবালিকা কন্যা গৰাকীয়ে ধৰ্ষণৰ বলি হ’ল পিতৃৰ ৰফিকুল ইছলামৰ হাতত ৷
পিতৃৰ কুকৰ্মৰ কথা মাতৃৰ আগত প্ৰকাশ কৰাৰ পিচতে মহিলা গৰাকীয়ে স্বামীৰ বিৰুদ্ধে হাউলী থানাত দাখিল কৰিছে এজাহাৰ ৷
উক্ত এজাহাৰৰ ভিত্তিতে ইতিমধ্যে হাউলী আৰক্ষীয়ে আটক কৰিছে পাষাণ পিতৃ ৰফিকুল ইছলামক ৷
ইপিনে, লক ডাউনৰ সময়ৰ পৰাই ভয় ভাবুকিৰে নাবালিকাগৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক চলাই অহা বুলিও স্বীকাৰ কৰিছে লোকজনে ৷
পাষণ্ড পিতৃৰ এনে লজ্জাজনক ঘটনাক লৈ সমগ্ৰ হাউলী চহৰতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
এনে ঘটনা যাতে পুনৰাই সংঘটিত হ’ব নোৱাৰে তাৰবাবে দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷
আৰু পঢ়ক : চিলিণ্ডাৰ কান্ধত লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ