22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বৰপেটাত বৰ্বৰ ঘটনা! যজম সন্তানক হত্যাৰ চেষ্টা মাতৃৰ, ১১ মহীয়া শিশুৰ মৃত্যু

    পাৰিবাৰিক কণ্ডলৰ বাবেই যমজ সন্তানক ৰাজপথত হত্যাৰ চেষ্টা পাষাণ মাতৃৰ ৷ ৰাজপথত আচাৰি দিয়াৰ ফলত এটি ১১ মহীয়া শিশুৰ মৃত্যু ৷
    আনহাতে একাংশ লোকৰ তৎপৰতাত ৰক্ষা পৰে আনটো শিশু সন্তান ৷

    মাতৃয়ে হত্যা কৰিব বিচৰা আনটাে শিশু বৰপেটা মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰে স্থানীয় লোকে ৷ যমজ শিশু দুটাৰ ভিতৰত মৃত শিশুটো পুত্ৰ আৰু জীৱিত অৱস্থাত উদ্ধাৰ কৰা শিশুটো কন্যা সন্তান ৷

    বৰপেটা-হাউলী পথৰ ইচাৰ পেট্ৰ’ল পাম্পৰ সমীপত নিশা সংঘটিত হয় এই নাৰকীয় ঘটনা ৷ পাষাণ মাতৃগৰাকীৰ নাম হনুফা নাচৰিন বুলি জানিব পৰা গৈছে ৷

    বৰপেটাৰ জনীয়াৰ সমীপৰ চাপৰা গাৱৰ আব্দুল লতিফৰ পত্নী হনুফা নাজৰিন ৷ স্বামী, শহুৰ আৰু দেওৰেকৰ অত্যাচাৰত মানসিক ভাৰসাম্য হেৰুৱাই এনে নিৰ্দয়, নাৰকীয় কাণ্ড সংঘটিত কৰাৰ সন্দেহ ৷

    আৰক্ষীৰ মহিলা কনিষ্টবল হিচাপে কৰ্মৰত হনুফা নাচৰিন পূৰ্বে আন এটি শিশু হত্যাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হৈ আছে ৷ হাউলী চহৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা হনুফা নাচৰিণৰ বিয়া হৈছিল চাপৰা গাৱৰ আব্দুল লতিফৰ সৈতে ৷

    আব্দুল লতিফ নামৰ লোকজনৰ সৈতে প্ৰেমত পৰি বিবাহ হোৱাৰ পিচৰেপৰাই স্বামীৰ লগতে স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই অহা বুলি অভিযোগ কৰিছে হনুফাই ৷

    আনকি বৰপেটা আৰক্ষীৰ ওচৰত আব্দুল লতিফৰ বিৰুদ্ধে অভিযোগ দিয়াৰ লগতে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰো চেষ্টা চলাইছিল মহিলাগৰাকীয়ে ৷

    স্বামীৰ অত্যাচাৰত জৰ্জৰিত মহিলাগৰাকীয়ে সোমবাৰে দিনৰ ভাগত হাউলীৰ পিতৃগৃহলৈ গৈছিল যদিও তাৰপৰা উভতি আহি নিশা বৰপেটা-হাউলী পথৰ ইছাৰ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত কৰে নিজ শিশু সন্তানক হত্যাৰ ঘটনা ৷

    ইপিনে ঘটনা সংঘটিত হোৱাৰ সময়ত ঘাতক মাতৃগৰাকীয়ে স্বামীৰ সৈতে মোবাইলত কথা পাতি আছিল আৰু স্বামীৰ কথাত উত্তেজিত হৈয়েই মহিলাগৰাকীয়ে সংঘটিত কৰে এনে নাৰকীয় ঘটনা ৷

    অবশ্যে মহিলাগৰাকীয়ে নিজ সন্তানক হত্যাৰ কথা অস্বীকাৰ কৰিছে ৷ কোলাৰ পৰা পৰি যোৱা দেখি তাত থকা লোকে শিশুটোক হত্যা কৰা বুলি তেঁওক মাৰধৰ কৰি আৰক্ষীক চমজাই দিয়া বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে ৷ এই ঘটনাক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

    আৰু পঢ়ক : ৰাজ্যত কৰ’ণাতংকঃ হাটশিঙিমাৰীৰ কুকুৰমাৰাত এজনৰ গাত ধৰা পৰিল কৰ’ণা পজিটিভ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং