চিকিৎসালয়ত সংকটজনক অৱস্থাত একমাত্ৰ পুত্ৰ, আপোনাৰ কিছু সহায়লৈ বাট চাই আছে এটি দুৰ্ভগীয়া পৰিয়ালে…

0
7432

বৰপেটা জিলাৰ ভেল্লাৰ এটি পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ। পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ ৰেহানুল ইছলাম (১২) হঠাৎ এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছে। মাতৃৰ মৃত্যুৰ পিছৰে পৰা ৰেহানুলে যথেষ্ট পৰিমাণে মানসিক চাপত ভুগাৰ লগতে শাৰীৰিক অসুস্থতাই দেখা দিয়ে।

প্ৰাথমিক চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৰেহানুলক ভৰ্তি কৰোৱা হয় যদিও শিশুটিৰ অৱস্থা ক্ৰমাৎ জটিলতাৰ ফালে গতি কৰাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে যোৱা ২১ অক্টোবৰৰ নিশা তাৎক্ষণিক ভাৱে নলবাৰীৰ পৰা গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিতাললৈ নিয়ে।

সিদিনাৰ পৰাই হাস্পতালৰ আইচিইউত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে শিশুটি বৰ্তমানলৈকে সংকটমুক্ত হোৱা নাই। বৰ্তমানলৈকে ভালেসংখ্যক টকা ব্যয় কৰি চিকিৎসা চলাই থকা হৈছে যদিও সম্পূৰ্ণ চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ টকা প্ৰয়োজন হ’ব। বিগত ৪ টা বছৰে ৰেহানুলৰ মাতৃৰ চিকিৎসা কৰি সৰ্বস্বান্ত হোৱা পিতৃ নুৰ ইছলামে এতিয়া উপায়ন্তৰ হৈ পৰিছে।

সেয়েহে একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰিছে দুৰ্ভগীয়া পিতৃ গৰাকীয়ে। পিতৃ নুৰ ইছলামৰ নামত ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী হাতীগাও শাখাত থকা একাউণ্ট নম্বৰ- ২০০০৪৯১৫৫৩৯, আইএফএছচি নম্বৰ- এছবিআইএন০০০৫১৬২ তো ইচ্ছ্যুক হৃদয়বান লোকে আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব। মাতৃৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ নহওতেই পুত্ৰৰ সংকটজনক অৱস্থাৰ খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।