27 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ন-কইনা সাজেৰে ৰাঙলী হ’ল মোহময়ী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া

    ফাগুন নামিছে। ফাগুন মানেই ৰঙচুৱা পলাশৰ দিন। ফাগুনৰ ৰঙত ৰঙীন হ’ল মোহময়ী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া।

    উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মৰিগাওঁ জিলাৰ মায়ঙৰ গৰাঙ মন্দিৰত। বহু জল্পনা কল্পনাৰ মাজত আজি মোহময়ী অভিনেত্ৰী বৰষা ৰানী বিষয়া বিয়া।

    অতীতৰ সকলো দুখ বেদনা পাহৰি আকৌ ৰঙীন হ’ল অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ বাটৰুৱা পথৰ উকা কঁপাল। আজি ভাস্কৰ বৰুৱাৰ সৈতে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে অভিনেত্ৰী গৰাকীয়ে।

    ইতিমধ্যে মায়ঙৰ গৰাঙ মন্দিৰত ন কইনা নিবলৈ আহি উপস্থিত হৈছে যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে পৰিয়াল বৰ্গ। দুয়োগৰাকীয়ে পৰিয়ালৰ আশীষ লৈ গৰঙা মন্দিৰতে বিবাহপাশত আৱদ্ধ হয়।

    ইতিমধ্যে সামাজিক মাধ্যমত তোলপাৰ লগাই বৰষাৰ বিয়ালৈ সকলোৱে যেন অধীৰ আগ্ৰহেৰে বাট চাই আছিল। দুয়োকে বহুতো মৰম আৰু আশীৰ্বাদেৰে উপচাই তুলিছে অনুৰাগীসকলে।

    ইনপুট ক্ৰেডিটঃ চফিকুল ইছলাম

    আৰু পঢ়ক : প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়তে সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং