মালিয়া, মেহুল, নীৰৱ মোদীৰ সম্পত্তি বিক্ৰী কৰি এতিয়ালৈ উদ্ধাৰ কৰা হৈছে ১৮,০০০ কোটি টকা

0
86
মালিয়া, মেহুল, নীৰৱ মোদীৰ সম্পত্তি বিক্ৰী কৰি এতিয়ালৈ উদ্ধাৰ কৰা হৈছে ১৮
ফটো সৌজন্য- ইণ্টাৰনেট

মালিয়া, মেহুল, নীৰৱ মোদীৰ সম্পত্তি বিক্ৰী কৰি এতিয়ালৈ উদ্ধাৰ কৰা হৈছে ১৮,০০০ কোটি টকা

ভাৰতীয় বেংকৰ পৰা বহু হাজাৰ কোটি টকা ঋণ হিচাপে লৈ দেশৰ পৰা পলায়ন কৰা তিনিজন ব্যাৱসায়ী বিজয় মালিয়া, নীৰৱ মোদী আৰু মেহুল চোকচিৰ পৰা বেংকে ১৮,০০০ কোটি টকা ঘুৰাই আনিবলৈ সক্ষম হৈছে।

দেশৰ চোলিছিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ৰ আগত বেংকে মালিয়া, নীৰৱ মোদী আৰু চোকচিৰ পৰা ১৮,০০০ কোটি টকা উদ্ধাৰ কৰিবৰলৈ সক্ষম হৈছে বুলি সদৰী কৰে।

চোলিছিটৰ জেনেৰেল তুষাৰ মেহতাই তিনিওজন ব্যাৱসায়ীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী প্ৰতিৰোধী আইন (এএমএলএ)ৰ অধীনত ৬৭,০০০ কোটি টকাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে বুলিও লগতে প্ৰকাশ কৰে।

২০২১ বৰ্ষৰ জুলাই মাহলৈ মালিয়া, নীৰৱ মোদী আৰু চোকচিৰ সম্পত্তি বিক্ৰী কৰি ১৩,১০৯ কোটি টকা উদ্ধাৰ কৰিছে।

দেশত যাতে ভবিষ্যত দিনত পুনৰ এনেধৰণৰ ধনলৈ উধাও হোৱাৰ দৰে ঘটনা পুনৰ সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ জ্যেষ্ঠ অধিবক্তা কপিল শিবাল, অভিষেক মানু সিংঘবী, মুকুল ৰোহাতগি, সিদ্ধাৰ্থ লুথৰা, অমিত দেশাই আৰু অন্যান্য অধিবক্তা সকলে এএমএলএ আইন সংশোধনী কৰাৰ বাবেও আহ্বান জনাই আহিছে।

আৰু পঢ়ক : উত্তৰপ্ৰদেশত কিয় মঞ্চতে কাণত ধৰি উঠা-বহা কৰিলে বিজেপি বিধায়কে?